লক ডাউনৰ সময়ত এটা বিশেষ এপে চৰ্চা লাভ কৰিছে

লকডাউনৰ সময়ত তিনি উদ্যমীৰ প্ৰচেষ্টাত আৰম্ভ হৈছে এটা বিশেষ এপ। এই এপটোৰ জৰিয়তে কোনো ৰোগীয়ে চিকিৎসালয় বা ক্লিনিকলৈ নোযোৱাকৈ নিজৰ নাম ঠিকনা পঞ্জীয়ন কৰিব পাৰিব। লগতে সঠিক সময়ত গৈ চিকিৎসকৰ পৰা সেৱা লাভ কৰিব পাৰিব।
 
 
 
গুৱাহাটী মহানগৰীৰ যুৱক নৱজ্যোতি দাস, পাপন বিশ্বাস আৰু পংকজ মজুমদাৰ নামৰ এই যুৱককেইজনে এই বিশেষ এপটো প্ৰস্তুত কৰি উলিয়াইছে। অক্সিফাইন্দ নামৰ এই এপটোৰ জৰিয়তে গুৱাহাটী মহানগৰীৰ প্ৰায় ৫০খন ক্লিনিকৰ সৈতে সংযুক্ত হ’ব পাৰি।
 
 
উল্লেখ্য যে প্ৰথমাৱস্থাত  এই এপটোৰ জৰিয়তে বৰ বিশেষ সফলতা লাভ কৰিব পৰা নাছিল যদিও বৰ্তমান লকডাউনৰ সময়ত এই এপটো ব্যৱহাৰকাৰীৰ সংখ্যা বহুগুণে বৃদ্ধি পোৱা বুলি  জানিব পৰা গৈছে।
 
 
আনহাতে ইণ্ডিয়ান এম্বেচীয়ে এই উদ্ভাৱনক ক’ভিড১৯ৰ বেষ্ট চলিউশ্যন হিচাপে মন্তব্য কৰিছে।  স্মৰ্তব্য যে ইয়াৰ পূৰ্বে মণিপুৰৰ এগৰাকী যুৱকেও এনেধৰণৰ এপ এটা উদ্ভাৱন কৰিছিল।

Comments (0)
Add Comment