লোক সংস্কৃতিৰ সাধক অনিল শইকীয়ালৈ গুৱাহাটী ৰ’টাৰী ক্লাৱৰ ভূপেন হাজৰিকা সাংস্কৃতিক বঁটা প্ৰদান

গুৱাহাটী ৰ’টাৰী ক্লাৱে আজি ড° অনিল শইকীয়াক তেখেতৰ অসমীয়া লোকসংস্কৃতিৰ আৰু সাহিত্যৰ ক্ষেত্ৰত অৱদানৰ বাবে ড° ভূপেন হাজৰিকা সাংস্কৃতিক বঁটা প্ৰদান কৰে।ড° ভূপেন হাজৰিকাৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়।ড° অনিল শইকীয়া, অসমীয়া লোকসংস্কৃতি আৰু সাহিত্য সাধনৰ ক্ষেত্ৰখনত এক উল্লেখযোগ্য তথা প্ৰতিষ্ঠিত নাম।অনুষ্ঠানত তেখেতে এজন গৱেষকৰ দৃষ্টিভংগীৰে অসমীয়া সমাজত ভূপেন হাজৰিকাৰ গীত আৰু প্ৰৱন্ধৰ আৰ্থসামাজিক তথা সাংস্কৃতিক দিশ সম্পৰ্কে আলোকপাত কৰে।আজিৰ দিনত অসমীয়া জনজীৱনৰ ভূপেন হাজৰিকা,তেওঁৰ সৃষ্টি আৰু চিন্তাৰ প্ৰাসংগিকতা সম্পৰ্কেও তেখেতে উল্লেখ কৰে।তেখেতৰ ভূপেন হাজৰিকাৰ সম্পৰ্কে ইমান গাঢ় তথা নিখুঁত অবলোচনা সঁচাকৈয়ে শলাগিবলগীয়া।
ৰ’টাৰী ক্লাৱ অৱ গুৱাহাটী তৰফৰ পৰা ৰ’টাৰীয়ান দেৱজিত গোস্বামী আৰু ড° শশাংক শেখৰ দত্তৰ পৃষ্ঠাপোষকতাত জে বি এফ সমূহ সদস্যৰ প্ৰত্যক্ষ সহযোগিতা সম্পন্ন হোৱা অনুষ্ঠানটিৰ সকলোৱে শলাগ লয়।ড° শশাংক শেষৰ দত্তই আঁত ধৰা অনুষ্ঠানটোৰ ক্লাৱ অৱ গুৱাহাটী সভাপতি বিমলেন্দ্ৰ বৰুৱাদেৱে সভাপতিত্বত কৰে।উক্ত সভা খনত অনুষ্ঠানৰ অধ্যক্ষ দেৱজিত গোস্বামী, সম্পাদক অনুপম আইচকে আদি কৰি অন্যান্য ৰ’টাৰীয়ান তথা নিমন্ত্রিত অতিথি আৰু সংবাদ মাধ্যমৰ লোক সকল উপস্থিত থাকে।

Comments (0)
Add Comment