শিল্পী অৰুণ দাসলৈ সহায়ৰ হাত আগবঢ়ালে অসম চৰকাৰ আৰু শিল্পী সমাজে

শিল্পী অৰুণ দাসলৈ সহায়ৰ হাত আগবঢ়ালে ৰাজ্য চৰকাৰে উল্লেখযোগ্য যে অলপতে শিল্পী গৰাকীয়ে ক’ভিড ৰোগত‌ আক্ৰান্ত হৈছিল অৱশ্যে শিল্পী গৰাকীয়ে মঙলবাৰে সুস্থ হৈ ঘৰলৈ উভতি আহে আৰু আজি শিল্পী গৰাকীৰ ‌সৰুমটৰিয়াস্থিত বাসগৃহত উপস্থিত হয় সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা আৰু শিল্পী গৰাকীৰ বাসগৃহত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে ১ লাখ টকা আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে।
মন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমৰ আগত কয়, “শিল্পী অৰুণ দাস ডাঙৰীয়া বহুদিনৰ পৰা বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছে। কালি সেই বিষয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৱগত হৈ মোক শিল্পী অৰুণ দাসৰ চিকিৎসা সাহাৰ্য নামত ১ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ নিৰ্দেশ দিয়ে। আজি মই নিজেই শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ এই চেকখন প্ৰদান কৰো।” ইয়াৰ উপৰিও শিল্পী সমাজৰ পৰা শিল্পী অৰুণ দাসলৈ সহাৰি আহিছে। উল্লেখযোগ্য যে জুবিন গাৰ্গ আৰু জয়ন্ত কাকতিয়ে বৃন্দাবন মাৰ্টৰ পৰা খাদ্যবস্তু যোগানৰ ধৰাৰ দায়িত্ব লৈছে । আনহাতে কণ্ঠশিল্পী দীক্ষুৱে ঔষধ পাতি দিয়াৰ দায়িত্ব লৈছে । আৰু এমাহৰ পাছত শিল্পী পবিত্ৰ ৰাভাই টঙলাৰ গাঁৱত তেখেতৰ থকা মেলাৰ দায়িত্ব লোৱা বুলি জানিব পৰা গৈছে ।

Comments (0)
Add Comment