শুক্ৰবাৰে মুক্তি লাভ কৰিব বুলবুল কেন ছিঙে

ৰাজ্যৰ বিভিন্ন ছবিগৃহত শুক্ৰবাৰে মুক্তি লাভ বুলবুল কেন ছিং শীৰ্ষক ছবিখনে  ।আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত এই কথা সদৰী কৰি পৰিচালিকা ৰীমা দাসে কয় যে বুলবুল কেন ছিং ছবিখন অস্কাৰৰ বাবে পথোৱা হৈছে।অতি কম সময়ৰ ভিতৰত প্ৰচাৰৰ অবিহনে মুক্তি দিব লগা হৈছে । উল্লেখযোগ্য যে ইতিমধ্যে  ছবিখনে ১৩টা বিশেষ পুৰস্কাৰ লাভ কৰিছে ।আন্তৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়তো ৪০ বাৰ প্ৰদৰ্শিত হৈছে ।মুম্বাই, বাৰ্লিন ফিল্ম ফেষ্টিভেলত জুৰিৰ বিশেষ বঁটা লাভ কৰিছিল ।আজি অনুষ্ঠিত কৰা সংবাদ মেলত পৰিচালিকাৰ লগতে বিভিন্ন জন কলা কুশলী উপস্থিত থাকে ।

Comments (0)
Add Comment