শেহতীয়াকৈ স্বাস্থ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কি ক’লে

মহামাৰী ক’ৰণাৰ দ্ৰুতগতিৰ প্ৰাৰ্দুৰ্ভাৱৰ কাৰণে এতিয়া সমগ্ৰ দেশৰ লগতে ৰাজ্যতে চলি আছে ল’কডাউনৰ তৃতীয় পৰ্যায়। মহামাৰী ক’ৰণা ভাইৰাছৰ সংক্ৰমণ পূৰ্বতকৈ বৰ্তমানে কিছু পৰিমাণে হ্ৰাস পাইছে যদিও সমগ্ৰ স্বাস্থ্য বিভাগে এই মহামাৰী ক’ৰণা ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ প্ৰতিদিনেই অব্যাহত ৰাখিছে নিৰন্তৰ প্ৰচেষ্টা।
 
 
ইয়াৰ মাজতে বুধবাৰে মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত উপস্থিত হ’ল ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ মুখ্য কাৰ্যালয়টো সৰুসজাই ষ্টেডিয়ামলৈ অস্থায়ীভাৱে স্থানান্তৰ কৰা হ’ব বুলি জনাই স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।
 
 
ৰাজ্যৰ সাংবাদিকৰে হোৱা মুখামুখি কথা বতৰাত স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ আন আন কেতবোৰ গুৰুত্বপূৰৰ্ণ বিষয়ৰ ওপৰতো মন্তব্য আগবঢ়ায়।
 
মহামাৰী ক’ৰণা ভাইৰাছক সম্পূৰ্ণৰূপে প্ৰতিৰোধ কৰিবলৈ সমগ্ৰ ৰাজ্যৰে সৰ্বমুঠ ৫টা বিভিন্ন স্থানত কৰা হ’ব কোৱাৰেণ্টাইনৰ ব্যৱস্থা।ৰাজ্যখনৰ নামনি অসমলৈ অহা লোক সকলক কোকৰাঝাৰ জিলাত ৰখা হ’ব বুলিও কয় মন্ত্ৰীগৰাকীয়ে। পশ্চিম অসমৰ লোকসকলক তেজপুৰ জিলাত কোৱাৰেণ্টাইন কৰা হ’ব বুলিও জনায়। যোৰহাট জিলাত উজনি অসমৰ লোকসকলক ৰখা হ’ব বুলি কোৱাৰ সমান্তৰালভাৱে
মধ্য অসমৰ লোকসকলক গুৱাহাটী মহানগৰীত ৰখা হ’ব বুলিও মত পোষণ কৰে মন্ত্ৰী গৰাকীয়ে। বৰাক উপত্যকাৰ লোকসকলৰ কাৰণে শিলচৰত কোৱাৰান্টাইন চেণ্টাৰ কৰা হ’ব বুলিও তেখেতে মত পোষণ কৰে। লগতে কয় যে ব্যক্তিগতভাৱে হোটেল সমূহত কোৱাৰেণ্টাইনৰ ব্যৱস্থা কম খৰচতে কৰা হ’ব। লগতে তেখেতে কয় যে মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামটোক এতিয়াৰে পৰা পৰিৱৰ্তিত কৰা হ’ব ৱাৰ ৰূমলৈ। লগতে মন্ত্ৰী ড° শৰ্মাই কয়  এন আৰ এইচ এমৰ কাৰ্যালয়টো অস্থায়ীভাৱে স্থানান্তৰিত কৰা হ’ব সৰুসঁজাই ষ্টেডিয়ামলৈ।
 
সমান্তৰালভাৱে মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত নতুনকৈ সংযুক্ত কৰা হ’ব ৭৯০খন বিচনা। অহা দুই বা তিনিদিনৰ ভিতৰত  বহিঃৰাজ্যৰ পৰা অহা লোকসকলে অসম পাব বুলি  মন্ত্ৰীগৰাকীয়ে কয়। উল্লেখ্যযোগ্য যে কালিলৈ অসমত আহি উপস্থিত হ’ব গুজৰাট আৰু ৰাজস্থানৰ পৰা তিনিশতাধিক ছাত্ৰ ছাত্ৰী।

Comments (0)
Add Comment