শৰীৰ নিৰোগী কৰি ৰাখিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে প্ৰশিক্ষাৰ্থীয়ে

 
লক ডাউনৰ কেইদিনত সময়ৰ সদ  ব্যৱহাৰ কৰিছে একাংশ খেলুৱৈয়ে । আন্ত:ৰাষ্ট্ৰীয় কাৰাটে খেলুৱৈ তথা প্ৰশিক্ষক দিপাংকৰ মজুমদাৰৰ আহ্বান ক্রমে লক ডাউনৰ সময়ত ঘৰতে অনুশীলনত ব্যস্ত হৈ পৰিছে কাৰাটে খেলুৱৈসকল।
 
 
 
 
 
নিৰোগী হৈ থাকিবৰ বাবে খেলুৱৈসকলক ঘৰতে অনুশীলন অব্যাহত ৰাখিব দিয়াৰ বাবে সন্তোষ প্রকাশ কৰিছে অভিভাৱকসকলে । খেলুৱৈগৰাকীয়ে দৈনিক ভিডিঅ’যোগে ছাত্ৰ ছাত্ৰীসকলক অনুশীলনৰ পৰামর্শ দিছে ।
 
 
 
 
সম্প্রতি ঘৰতে অনুশীলন ব্যস্ত থকা ছাত্র-ছাত্রীসকলৰ এই আগ্রহৰ বাবে ধন্যবাদ জনাইছে প্রশিক্ষক মজুমদাৰে । লগতে অসমৰ সকলো খেলুৱৈকে ঘৰতে অন্তত এইকেইদিন অনুশীলনৰ অব্যাহত ৰাখিবলৈ অনুৰোধ জনাইছে । দিপাংকৰ মজুমদাৰৰ এই প্রচেষ্টাক সচেতন মহলে প্রশংসা কৰিছে।

Comments (0)
Add Comment