সংগ্ৰামী সত্বা কলাগুৰুক স্মৰণ কৰি..

সুৰৰ দেউলৰে ৰূপৰে শিকলি সজোৱা শিল্পৰ সাধক বিষ্ণু প্ৰসাদ ৰাভাৰ আজি জন্মদিন।তেখেত আছিল একেধাৰে কবি,সাহিত্যিক,নাট্যকাৰ আৰু অভিনেতা।
কলেজীয়া দিনৰ পৰা বিষ্ণু প্ৰসাদ ৰাভাই সংগ্ৰামৰ আদি পাঠ শিকিছিল।সেয়ে ভাৰতৰ স্বধীনতা সংগ্ৰামত নামি পৰিছিল।সেই সময়ত বাঁহী আৰু আৱাহন আলোচনীৰ লগতো জৰিত আছিল।১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথা ছবিত নৃত্য পৰিচালনা কৰিছিল।১৯৩৯ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে বাৰণসীত তাওৱ নৃত্য প্ৰদৰ্শন কৰিছিল।ইয়াতে সৰ্বপল্লী ৰাধাকৃষ্ণনে কলাগুৰু উপাধি প্ৰদান কৰিছিল।
অসমৰ স্বধীনতা প্ৰয়াসী জনগণক জাগ্ৰত কৰিবলৈ তেখেতে গীত ৰচনা কৰিছিল ।১৯৫৫ চনত চিপি আই দলত যোগদান কৰে। ১৯৬২ চনৰ চীন ভাৰত যুদ্ধৰ সময়তো চীনাপন্থী বুলি ৰাভাক বন্দী কৰে আৰু ন মাহ জেল খতিব লগীয়া হয়।এইগৰাকী সংগ্ৰামী সত্বাক এই বিশেষ দিনটোত শ্ৰদ্ধা নিবেদিছো

Comments (0)
Add Comment