সংস্কৃতক ৰাষ্ট্ৰীয় ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিবলৈ আহ্বান-পি পি এফ এ

বিশ্ব সংস্কৃত দিৱস অহা দেওবাৰে পালন কৰা হ’ব। এই দিৱসৰ লগত সংগতি ৰাখি পেট্ৰ`টিক পিপ’লছ ফণ্ট অসমে সংস্কৃতক ৰাষ্ট্ৰীয় ভাষা হিচাপে স্বীকৃতি দিবলৈ আহ্বান জনাইছে।সমগ্ৰ ভাৰতবৰ্ষত প্ৰায় ৩৫০০ হাজাৰ বছৰৰ আগৰ পৰাই সংস্কৃতৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়।লগতে উত্তৰ পূব ভাৰতৰ কামৰূপ তথা আহোমৰ শাসনটো সংস্কৃতে মান্যতা লাভ কৰিছিল।অসমৰ পণ্ডিত আনন্দ ৰাম বৰুৱাই পৃথিৱীৰ প্ৰাচীনতম এই ভাষাৰ উৎকৰ্ষ সাধনৰ বাবে আত্মনিয়োগ কৰিছিল।ভাৰতবৰ্ষত এতিয়াও কিছু কিছু সংস্কৃত ভাষা ব্যৱহাৰ হৈ আছে।আনকি পৃথিৱীৰ বিভিন্ন দেশৰ উচ্চ শিক্ষানুষ্ঠানত সংস্কৃত বিষয়ে অধ্যয়ন কৰা হয়।উত্তৰাখণ্ড সংস্কৃতে ৰাজ্যিক ভাষাৰ মৰ্য্যদা লাভ কৰি আহিছে।সেয়ে পি পি এফে সংস্কৃত ভাষাক কিছু সৰলীকৃত কৰি জনসাধাৰণৰ ব্যৱহাৰৰ বাবে উপযুক্ত কৰি তুলিবলৈ চৰকাৰক আহ্বান জনাইছে।

Comments (0)
Add Comment