সন্ত্ৰাসবাদমুক্ত অসমৰ দিশত এখোজ-মূলসুঁতিলৈ ঘুৰি আহিল বহুকেইগৰাকী

সন্ত্ৰাসবাদমুক্ত আৰু শান্তিপূৰ্ণ অসমৰ দিশত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ। সোমবাৰে গুৱাহাটী কলাক্ষেত্ৰত আয়োজন কৰা এক অনুষ্ঠানত আলফা স্বাধীনকে ধৰি কেইবাটাও সন্ত্ৰাসবাদী সংগঠনৰ ৬৩ জন সদস্যই অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ ঘূৰি আহে। অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে।
ভাৰতৰ সংবিধান আৰু গণতন্ত্ৰৰ প্ৰতি আস্থা তথা বিশ্বাস প্ৰকাশ কৰি আৰু হিংসাৰ পথ পৰিহাৰ কৰি অস্ত্ৰ সম্বৰণ কৰা আলফা স্বাধীন পি ডি চি কে, ডি এন এল এ আৰু ইউ পি আৰ এফৰ মূলসুঁতিলৈ ঘূৰি অহা মুঠ ৬৩ গৰাকী সদস্যক মুখ্যমন্ত্ৰীগৰাকীয়ে আদৰণি জনায়।ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় এক নতুন জীৱনৰ আৰম্ভণিৰে অসমৰ উন্নয়নৰ যাত্ৰাত তেওঁলোকে সক্ৰিয় ভূমিকা পালন কৰিব।
ৰাজ্যৰ এই শান্তি সম্প্ৰীতি আৰু প্ৰগতি ধাৰা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত আমি সম্পূৰ্ণৰূপে বদ্ধপৰিকৰ।উগ্ৰপন্থীসকলে মূলসুঁতিলৈ উভতি আহি ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত চামিল হোৱাটো সমাজৰ লগতে দেশৰ বাবে অত্যন্ত আশাৰ বতৰা।
এই সিদ্ধান্ত আৰু দূৰদৰ্শী পদক্ষেপে সদস্য সকলৰ পৰিয়ালবৰ্গৰ লগতে ৰাজ্য বাসীকো আনন্দিত কৰিছে। অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী আৰু আইনী উপদেষ্টা শান্তনু ভড়ালী ,আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত,অসম আৰক্ষীৰ বিশেষ শাখাৰ আই জি পি হীৰেন নাথকে ধৰি আৰক্ষী প্ৰশাসনৰ কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত আছিল।

Comments (0)
Add Comment