সুৰৰ সুৱাগমণি উন্মোচন

অনুভূতিৰ উদ্যোগত আজি গুৱাহাটী প্ৰেছ ক্লাবত মুক্তি লাভ কৰে ড• হেমন্ত ডেকা, প্ৰণৱজ্যোতি ভূঞা,ৰেজাউল কৰিম আহমেদৰ পৰিকল্পনা আৰু ব্যৱস্থাপনাৰে তথা এন এইচ সাগৰপ্ৰীত, শ্যামল ভূঞাৰ সংগীতেৰে সজোৱা জুবিন গাৰ্গ, পুলক বেনাৰ্জী, শান্তা উজীৰ, ৰূপম ভূঞা, জয়ন্ত নাথ, সমৰ হাজৰিকা, শোভা হাজৰিকা, পাৰলিনা কলিতা, জয়শ্ৰী নাথ, দীপান্দিতা দাস, প্ৰণৱজ্যোতি ভূঞা,ৰেজাউল কৰিম আহমেদে কণ্ঠদান কৰা গীতিকাৰ মানোৱাৰ আলীৰ  গীতৰ শ্ৰাব্য চি ডি  ‘সুৰৰ সুৱাগমণি’ ।সুৰকাৰ প্ৰণৱজ্যোতি ভূঞা,মণি মহন্ত, জয়ন্ত নাথ আৰু মানোৱাৰ আলী। প্ৰযোজনা কৰিছে  নাজমিন আহমেদ আৰু ৰেজাউল কৰিম আহমেদৰ ।এলবামটি উন্মোচন কৰে লেখক থানেশ্বৰ মালাকাৰে । অনুষ্ঠানটিত বক্তব্য ৰাখে পুলক বেনাৰ্জী, সমৰ হাজৰিকা, মৃণালকান্তি, মণি মহন্ত আৰু ৰূপম ভূঞাই । শ্ৰুতি মধুৰ এলবামটিত ১৬টা গীত সন্নিবিষ্ট কৰা হৈছে । 

Comments (0)
Add Comment