সেউজীকৰণ আঁচনিৰ শুভাৰম্ভ

শোণিতপুৰ জিলাৰ বালিপৰাৰ উদমাৰী গাও পঞ্চায়তত আজি  সেউজীকৰণ অাঁচনিৰ শুভাৰম্ভ কৰা হয় | চৰকাৰীভাৱে প্ৰতিটো পঞ্চায়তৰ জৰিয়তে গছপুলি ৰোপন কৰি ধৰা সেউজীকৰণ কৰাৰ লগতে পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ বাবে লোৱা পদক্ষেপৰ অংশৰূপে আজি বালিপৰাৰ – চাৰিদুৱাৰ পথৰ দুয়োকাষে উদমাৰী পঞ্চায়তৰ তৰফৰ পৰা গছপুলি ৰোপন কৰা হয় | এই উপলক্ষে অনুষ্ঠানৰ শুভাৰম্ভ কৰে চাৰিদুৱাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আলিমুদ্দিন আহমেদে | অনুষ্ঠানত উদমাৰী পঞ্চায়তৰ সভানেত্রী ৰেখাসেন ডেকা ,বালিপৰা পঞ্চায়তৰ সভানেত্রী বীণা হাজৰিকা , ৰাজনীশ শইকীয়া ,বালিপৰা ব্যৱসায়ী সন্থী সভাপতিকে ধৰি অঞ্চলটোৰ ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্হিত থাকে | উল্লেখ্য যে , উদমাৰী পঞ্চায়তে উক্ত সেউজীকৰণ আঁচনিৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ লগতে পথৰ দুয়োকাষ সামৰি সৰ্বমুঠ এক হাজাৰ গছপুলি ৰোপন কৰা হয় |

Comments (0)
Add Comment