সেনা বাহিনী জোৱানে মানৱীয়তাৰ নিদৰ্শন দেখুৱালে

ক’ৰণাৰ ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতাৰ পৰা ৰক্ষা পাবলৈ দেশৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা লক ডাউনৰ পৰিপেক্ষিতত দিন হাজিৰা কৰি খোৱা,অভাৱী লোক সকলৰ অৱস্থা দিনক দিনে পানীত হাঁহ নচৰাৰ দৰে হৈ পৰিছে।
 
কিন্তু এই আৰ্তজনক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বহুজন হৃদয়বান ব্যক্তি৷টীয়কৰ লাহিং লক্ষিবাৰী গাঁৱৰ সেনাবাহিনীত কৰ্মৰত এজন হৃদয়বান ব্যক্তিয়ে এই ক্ষেত্ৰত দেখুৱাইছে এক অন্যতম নিদৰ্শন৷অৰুণ চেতিয়া নামৰ সেনাবাহিনীত কৰ্মৰত ব্যক্তিজনে গাঁৱৰ কেইবাটিও পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াইছে৷
 
সামাজিক দূৰত্ব বজাই ৰাখি ঘৰে ঘৰে গৈ তেওঁ নিজৰ সন্তানৰ জৰিয়তে পৰিয়াল কেইটিক দাইল ,মিঠাতেল, আলু, পিয়াঁজ,পাচলি আৰু চাবোন আদি বিতৰণ কৰিছে৷উল্লেখ্য যে নিজৰ সন্তানৰ জৰিয়তে আৰ্তজনলৈ সহায় আগবঢ়াই এনে ইতিবাচক আৰু মানৱতাবাদী কাম কৰিবৰ বাবে সন্তানক আদৰ্শ দেখুৱাবলৈ তেওঁ যত্ন কৰিছে।সেনা জোৱানজনৰ এই পদক্ষেপক প্ৰশংসা কৰিছে স্থানীয় ৰাইজে৷
খবৰ যুগুতালে লাহিঙৰ পৰা গোপাল কৃষ্ণ বাঢ়ৈয়ে ..

Comments (0)
Add Comment