হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান প্ৰাপ্ত কেই গৰাকী ছাত্ৰ ছাত্ৰীৰ মনৰ কথা

আজি ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষ  প্ৰথম স্থান লাভ কৰিলে ধৃতিৰাজ বাস্তৱ কলিতাই। সৰ্বমুঠ ৫৯৫নম্বৰেৰে শীৰ্ষ স্থান লাভ কৰে। জানিব পৰা মতে বহু অধ্যৱসায়ৰ জৰিয়তে ধৃতিৰাজ কলিতাই শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হয়। কিয়নো ধৃতিৰাজ কলিতাই লিখি লিখি পঢ়া বিষয়সমূহ মনত ৰাখিবলৈ চেষ্টা কৰিছিল। ধৃতিৰাজৰ মতে সকলোৱে নিজ কৰ্তব্য পালন কৰি যোৱা উচিত। ভৱিষ্যতে চিকিৎসক হোৱাৰ লক্ষ্য থকা ব্যক্ত কৰে ধৃতিৰাজ বাস্তৱ কলিতাই।
 
 
আনহাতে তৃতীয় স্থান লাভ কৰা দেৱীস্মা প্ৰিয়া বৰাৰ মতে কঠোৰ পৰিশ্ৰম কৰিলে উচিত ফলাফল লাভ কৰিব পাৰি। ভৱিষ্যতে চিকিৎসক হোৱাৰ সপোন দেখা দেৱীস্মা প্ৰিয়াই সম্প্ৰতি নগাঁৱৰ ৰামানুজ কলেজত নামভৰ্তি কৰিব।
 
আনহাতে ষষ্ঠ স্থান লাভ কৰা শিৱসাগৰৰ হিমাশ্ৰী বৰুৱাই ভৱিষ্যতে সু নাগৰিক হোৱাৰ লক্ষ্য থকাৰ কথা ব্যক্ত কৰে। লগতে কয় যে চ’চিয়েল মিডিয়াক সদব্যৱহাৰ কৰিও অধ্যয়নৰ ক্ষেত্ৰত আশাপ্ৰদ ফল লাভ কৰিব পাৰি।
ষষ্ঠ স্থান লাভ কৰা গোলাঘাটৰ চেক্ৰেদ হাৰ্ট হাইস্কুলৰ হৰিদ্ৰাৰ মতে একাগ্ৰতা থাকিলে সকলো বিষয়তে সফলতা লাভ কৰিব পাৰি। ভৱিষ্যতে নিজকে পৰিৱেশ বিজ্ঞানী হিচাপে হৰিদ্ৰাই গঢ় দিব বিচাৰে। অৱশ্যে ইয়াৰ বাবে নৱম শ্ৰেণীৰ পৰা প্ৰস্তুতি অব্যাহত ৰাখিছে। হৰিদ্ৰাৰ মতে চিকিৎসক বা অভিযন্তা সকলোৱে হ’ব বিচাৰে। কিন্তু আমাৰ পৰিৱেশ তথা পাৰিপাৰ্শ্বিক অৱস্থাৰ বিষয়ে কোনেও লক্ষ্য নাৰাখে। বৰ্তমান গ্লোৱেল ৱাৰ্মিঙৰ সময়ত পৰিৱেশৰ বিষয়টোৱে মোক আকৃষ্ট কৰি তুলিলে। অনাগত দিনত সেয়েহে মই পৰিৱেশ বিজ্ঞানী হ’ব বিচাৰো। উল্লেখযোগ্য যে দৈনিক ১০ পৰা ১২ ঘণ্টালৈকে হৰিদ্ৰাই অধ্যয়ন কৰিছিল। বৰ্তমান সময়ত ডি পি এছত অধ্যয়নৰ পোষকতা কৰে।
এয়া আছিল কেইগৰাকীমান শীৰ্ষ স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীৰ মনৰ কথা। উত্তীৰ্ণ সকলো ছাত্ৰ ছাত্ৰীক এন ই ফ’কাছ ডট কমৰ তৰফৰ পৰা জনালো অলেখ অভিনন্দন।

Comments (0)
Add Comment