হাতীগাও থানাত স্থাপন কৰিলে ছেনিটাইজিং গেট

ক’ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ বিভিন্নজনে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ। ইয়াৰ অংশস্বৰুপে কালি গুৱাহাটীৰ হাতীগাও আৰক্ষী থানাৰ প্ৰৱেশদ্বাৰত এক ছেনিটাইজিং টানেল গেট স্থাপন কৰা হয়। হাতীগাও আৰক্ষী থানাৰ আৰক্ষী অধীক্ষকৰ উপস্থিতিত অসম আৰক্ষীৰ সহকাৰী আয়ুক্ত পুনম পেগুৱে এই টানেল গেট মুকলি কৰে।
 
মহামাৰী ক’ৰণা ভাইৰাছৰ  প্ৰকোপৰ পৰা জনসাধাৰণক  উদ্ধাৰ কৰিবলৈ আৰক্ষীয়ে বিভিন্নধৰণেৰে কৰ্তব্য সম্পাদন কৰিছে।আনহাতে এই মহামাৰীৰ সংক্ৰমণ দিনে দিনে বৃদ্ধি হৈছে । সেয়েহে আৰক্ষীৰ লোকসকলো যথেষ্ট পৰিমাণে  শংকিত হৈ পৰিছে। এই ছেনিটাইজিং টানেলসমূহ এনেধৰণেৰে সজ্জিত কৰা হৈছে, যদিহে কোনো ব্যক্তি টানেলৰ সন্মুখত উপস্থিত হয় আপোনাআপুনি ১০-১৫ ছেকেণ্ডত ছেনিটাইজিং হয়।
 
আৰক্ষীয়ে ইতিমধ্যে লকডাউনৰ পিছৰ পৰ্যায়ৰ বাবে প্ৰস্তুতি চলাই আছে। এই টানেলে কেৱল আৰক্ষীকেই নহয় জনসাধাৰণকো বহুখিনি পৰিমাণে সহায় কৰিব বুলি বিশ্বাস। আশীৰ্বাদ পাইপছৰ সহযোগিতাত এই টানেল ডিজাইন কৰিছে গুৱাহাটীৰ গ্ৰীণ টি এডভাৰ্টাইজিঙে।

Comments (0)
Add Comment