হোজাই জিলাৰ নৱনিযুক্ত উপায়ুক্ত অনুপম চৌধুৰীৰ কাৰ্যভাৰ গ্ৰহণ

অসম অসামৰিক সেৱাৰ বিষয়া অনুপম চৌধুৰীয়ে কালি বিয়লি ৫.৩০ বজাত বিদায়ী উপায়ুক্ত ডাঃ সদনেক সিঙৰ পৰা হোজাই জিলাৰ উপায়ুক্ত হিচাপে নিজৰ দায়িত্বভাৰ গ্ৰহণ কৰে। এই উপলক্ষে উপায়ুক্ত কাৰ্য্যালয়ৰ সভা কক্ষত আয়োজিত অনুষ্ঠানত জিলা প্ৰশাসনৰ বিষয়া কর্মচাৰী সকলে নৱনিযুক্ত উপায়ুক্ত গৰাকীক উষ্ম আদৰণি জনোৱাৰ লগতে বিদায়ী উপায়ুক্ত গৰাকীক আন্তৰিক বিদায় সম্ভাষণ জনায়। উল্লেখযোগ্য যে, নৱনিযুক্ত উপায়ুক্ত গৰাকীয়ে ইয়াৰ পূৰ্বে তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।
উক্ত অনুষ্ঠানত নৱনিযুক্ত উপায়ুক্ত অনুপম চৌধুৰীয়ে উপস্থিত সকলো মুৰব্বী বিষয়া সকলৰ লগত চা- চিনাকি হোৱাৰ লগতে মত বিনিময় কৰি কয় যে, আমি সকলোৱে মিলি এটা টিম হিচাপে কাম কৰি যাব লাগিব যাতে চৰকাৰে জিলাবাসী জনসাধাৰণৰ উন্নতিকল্পে লোৱা প্ৰতিটো আঁচনি সঠিক ৰূপায়ন হয়। তদুপৰি উন্নয়ৰ ক্ষেত্ৰত হোজাই জিলাক নৱৰূপ দিয়াৰ স্বাৰ্থত জিলাবাসী ৰাইজৰ সহায় সহযোগিতা আৰু আশীৰ্বাদ আন্তৰিকতাৰে কামনা কৰে।আজিৰ এই অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত ক্ৰমে গকুল চন্দ্ৰ ব্ৰহ্ম, ৰক্তিম বৰুৱা, জয় শংকৰ শৰ্মা প্ৰমুখ্যে বিভিন্ন মুৰব্বী বিষয়া কর্মচাৰী উপস্থিত থাকে।

Comments (0)
Add Comment