১৫ মিনিটৰ ভিতৰতে লাভ কৰিব ক’ভিড১৯ৰ ফলাফল-স্বাস্থ্যমন্ত্ৰী

আজি গুৱাহাটীস্থিত জনতা ভৱনত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাই কয় যে যোৱা মঙলবাৰৰ পৰা যিসমূহ ক’ৰণা ভাইৰাছৰ কেছ পোৱা গৈছে সেই সকলোবোৰ কেছেই ম’ডাৰেট লেভেলৰ লক্ষণযুক্ত।
 
 
মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত বুজ লোৱাৰ লগতে দৈনিক ১০ হেজাৰ গৰাকী লোকৰ কৰ’ণা পৰীক্ষা কৰাৰ পৰামৰ্শ দিয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে বুধবাৰে আইচিএমআৰ ডিজিয়েও ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিবৰ লগতো কথা পাতে।
 
 
অসম চৰকাৰে অতি শীঘ্ৰেই ৰাজ্যত ক’ভিড-১৯ৰ এজি টেষ্ট কৰিব বুলি সদৰী কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে কয় যে ক’ভিড১৯ৰ এজি পৰীক্ষা কৰাৰ ১৫ মিনিটৰ ভিতৰত ফলাফল লাভ কৰিব। উল্লেখযোগ্য যে বুধবাৰে ৰাজ্য চৰকাৰে COVIDASSAM.IN নামৰ ক’ভিড১৯ শীৰ্ষক এটা ৱেবচাইট আৰম্ভ কৰিব। স্মৰ্তব্য যে এই ৱেবছাইটটো গুগলত লগ ইন কৰি তাত স্বাৱ টেষ্টৰ এছআৰএফ নম্বৰটো দিলে চেম্পল দিয়া জনে লাভ কৰিব ক’ৰণাৰ ফলাফল। স্বাৱ টেষ্ট কৰাৰ পিছত ফলাফল নোপোৱালৈকে নিজকে ঘৰত আইচ’লেট নকৰি আহ যাহ কৰি থকাৰ ফলত গুৱাহাটী মহানগৰীত কৰ’ণাৰ সংক্ৰমণ বৃদ্ধি পোৱা বুলি সংবাদমেলযোগে কয় মন্ত্ৰীগৰাকীয়ে।
 
 
আনহাতে প্ৰশাসনে গুৱাহাটী মহানগৰীত ১৪দিনৰ বাবে যি লকডাউনৰ ঘোষণা কৰিছিল সেয়া যিসকল মহানগৰবাসীয়ে ভালদৰে পালন কৰিছে সেই সমূহ লোকক আজিৰ সংবাদমেল যোগে ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে ক’ৰণা ভাইৰাছৰ পৰা ৰাজ্যবাসীক ৰক্ষা কৰিবলৈ অহৰহ যিসকল লোকে দিনে নিশাই কাম কৰি আছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সমান্তৰালভাৱে সকলো চিকিৎসককে চিকিৎসক দিৱসৰ শুভেচ্ছা জনায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Comments (0)
Add Comment