১৯ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব নৰ্থ ইষ্ট ফেষ্টিভেল

দিল্লীত প্ৰতি বছৰে ডিচেম্বৰ মাহত অনুষ্ঠিত হয় নৰ্থ ইষ্ট ফেষ্টিভেল। এই ফেষ্টিভেলত ধৰি উত্তৰ পূৱৰ সংস্কৃতি, খাদ্য,হেণ্ডলুম ,ফেচন, পৰ্যটন আদি দিল্লীত প্ৰদৰ্শিত হয় আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যমত ব্যাপক প্ৰচাৰ লাভ কৰে।
কিন্তু এইবাৰ ক’ৰণা মহামাৰীৰ বাবে দিল্লীত এই অনুষ্ঠান উদযাপন নহয়।অহা ১৯ আৰু ২০ ডিচেম্বৰত গুৱাহাটীৰ ৰেডিশ্বন ব্লু হোটেলত নৰ্থ ইষ্ট ফেষ্টিভেল অনুষ্ঠিত হ’ব ।ক’ৰণা বাবে প্ৰত্যক্ষ ভাৱে দৰ্শকক নিমন্ত্ৰণ কৰা হোৱা নাই যদিও দৰ্শকে এই অনুষ্ঠান নৰ্থ ইষ্ট ফেষ্টিভেলৰ ফেচবুক পেজ আৰু ইউটিউব লিংকৰ জৰিয়তে চাব পাৰিব।ইয়াৰ লগতে অসমৰ বিভিন্ন টিভি চেনেলত এই অনুষ্ঠান উপলব্ধ হ’ব।

Comments (0)
Add Comment