১ এপ্ৰিলৰ পৰা আৰম্ভ হ`ব ভাৰতীয় সেনাৰ বিশেষ মোবাইল মেছেজিং এপ SAI

আত্মনিৰ্ভৰ ভাৰতৰ অংশস্বৰূপে ভাৰতৰ প্ৰতিৰক্ষা বিভাগে এটা নতুন মেছেজিং এপ ডেভলপ কৰিছে।এই বিশেষ এপটোৰ নাম secure application for the Internet চমুকৈ SAI নাম দিয়া হৈছে।এই মেছেজিং এপটোৱে টেলিগ্ৰাম,হুৱাট আপ, SAMVAD ৰ দৰে কাম কৰিব।
প্ৰাপ্ত খবৰ অনুসৰি অহা এপ্ৰিল মাহৰ পৰা SAI মেছেজিং এপৰ সেৱা আৰম্ভ হ’ব।উল্লেখযোগ্য যে নিৰাপত্তা আৰু গোপনীয়তাৰ স্বাৰ্থত এপটোত IOS প্ৰযুক্তি সংলগ্ন কৰা হৈছে।ইয়াৰ উপৰিও SAI ত অন্তৰ্ভূক্ত হৈছে End-to-end voice, Text আৰু ভিডিঅ’ কলিং পৰিসেৱা।ইয়াৰোপৰি নিৰাপত্তা আৰু গোপনীয়তাৰ স্বাৰ্থত এই এপৰ গুৰুত্ব আন এপ সমূহতকৈ বেছি। সেয়েহে কেৱল ভাৰতীয় সেনাৰ জোৱান সকলৰ মোবাইল ফোনতহে এই এপ কাৰ্যক্ষম হ’ব।

Comments (0)
Add Comment