৩০ ছেপ্টেম্বৰৰ ভিতৰত আত্মপ্ৰকাশ কৰিব পাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজনৈতিক দলে

নতুন ৰাজনৈতিক দল খোলাৰ যো জা চলাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে আছে ৭০টা নাগৰিকত্ব সংশোধনী আইন বিৰোধী সংগঠনৰ প্ৰতিনিধি।
 
জানিব পৰা মতে ৩০ ছেপ্টেম্বৰ ভিতৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজনৈতিক দলে আত্মপ্ৰকাশ কৰিব।সেই অনুসৰি সংগঠনটোৱে বিভিন্ন বুদ্ধিজীৱী, শিক্ষাৰ্থী লগত বৈঠকত মিলিত হৈছে। এক নির্ভৰযোগ্য সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি সংগঠনটোৰ সদস্যই তিনিখনকৈ বৈঠকত মিলিত হ’ব।
 
ইতিমধ্যে এখন বৈঠক সম্পন্ন হৈছে । অহা ২২ ছেপ্টেম্বৰত এখন বৈঠক অনুষ্ঠিত হ’ব আৰু ৩০ ছেপ্টেম্বৰ ভিতৰত দল খোলাৰ সম্ভাৱনা অধিক প্ৰকট হৈ উঠিছে।

Comments (0)
Add Comment