৪২ ৰ ভাৰত ত্যাগ আন্দোলনৰ স্বাধীনতা সেনানীক ৰাষ্ট্ৰপতিৰ বিশেষ সমৰ্ধনা

১৯৪২ ৰ ভাৰত ত্যাগ আন্দোলনৰ সেনানী সকলক সমৰ্ধনা জনোৱাৰ উদ্দেশ্যে ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকীয়ে লোৱা উদ্যোগৰ অংশ হিচাপে সোমবাৰে যোৰহাট জিলা প্ৰশাসনে ৰাষ্ট্ৰপতি গৰাকীৰ হৈ যোৰহাট জিলাৰ টীয়কৰ হাঁহচৰা চেতিয়া গাঁৱৰ চন্দ্ৰ ধৰ চেতিয়াক সমৰ্ধনা জনায় । উল্লেখযোগ্য যে ভাৰত ত্যাগ আন্দোলনৰ অংশগ্ৰহণ কৰা প্ৰতিখন ৰাজ্যৰ মুঠ ৮৫ গৰাকী মুক্তি সেনানীৰ ভিতৰত চেতিয়া অসমৰ একমাত্ৰ সেনানী । সোমবাৰে ৰাষ্ট্ৰপতি গৰাকীয়ে প্ৰেৰণ কৰা শুভেচ্ছা পত্ৰ,পদক,বস্ত্ৰ মুক্তি সেনানী গৰাকীৰ গৃহত আয়োজিত এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে প্ৰদান কৰে যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন,অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মন,চক্ৰ বিষয়া সৌভিক ভূঞা আৰু চক্ৰ বিষয়া সংলগ্ন নীলাক্ষী বৰাই ।তদুপৰি জিলা প্ৰশাসনৰ তৰফৰ পৰাও মুক্তি সেনানী গৰাকীক এখৰাহী ফলমূল,গছ পুলি,সঁফুৰা প্ৰদান কৰাৰ উপৰি দীৰ্ঘায়ু কামনা কৰে । ৰাষ্ট্ৰপতি গৰাকীয়ে মুক্তি সেনানী সকলৰ প্ৰতি গ্ৰহণ কৰা এই পদক্ষেপক সকলোৱে শলাগ লয়।
বাতৰি যুগুতালে টীয়কৰ পৰা উৎপল খাউণ্ডে..

Comments (0)
Add Comment