৫০০০ ফেচ মাস্ক প্ৰদান কৰিলে এপ’ল’ৰ কৰ্তৃপক্ষই

ৰাজ্য চৰকাৰৰ অংশ হিচাপে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থা কৰ্তৃপক্ষলৈ গুৱাহাটীৰ এপ’ল’ হস্পিতালে আগবঢ়াইছে সহায়ৰ হাত। কৰ্প’ৰেট সামাজিক দায়ৱদ্ধতাৰ অংশ হিচাপে হস্পিতাল কৰ্তৃপক্ষই আগবঢ়াইছে ৮লাখ টকা আৰু ৫০০০টা ফেচমাস্ক।
 
 
এই টকাৰ চেক আৰু ফেচমাস্ক সমূহ গৃহ বিভাগৰ আয়ুক্ত সচিব তথা এ এছ ডি এম এৰ মুখ্য কাৰ্যবাহী বিষয়া এম এছ মনিৱানন্নৰ হাতত প্ৰদান কৰে।
 
 
সমগ্ৰ বিশ্বৰ লগতে অসমতো সৃষ্টি হোৱা এই বিপৰ্যয়ৰ সময়ত যে হস্পিতাল কৰ্তৃপক্ষই সহায়ৰ হাত আগবঢ়াইছে তাৰ বাবে সমগ্ৰ গৃহ বিভাগৰ হৈ মণিৱান্ননে হস্পিতাল কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে।

Comments (0)
Add Comment