৬০দশকতে ষ্টীট লাইটৰ পোহৰে উজলিছিল এখন গাঁও,কিন্তু ক’ৰ এই গাঁওখন

৬০ দশকতে অসমৰ এখন গাঁও ষ্টীট লাইটৰ পোহৰে জিলিকি উঠিছিল।শুনিলে আচৰিত যেন লগা এই কথাষাৰ সম্ভৱ কৰি তুলিছিল নগাঁও কলিয়াবৰৰ এজন ব্যক্তিয়ে। ব্যক্তিজনৰ নাম চন্দ্ৰ ফুকন।পেছাত এগৰাকী শিল্পী,ব্যৱসায়ী, পৰিচালক আৰু উদ্যোগী।
 
 
জানিব পৰা মতে চন্দ্ৰ ফুকনে ভালুকগুৰি অঞ্চলৰ ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰি সেই সময়তে কুঠৰীবাসীক পোহৰ দিবলৈ সক্ষম হৈছিল।সেই তেতিয়া দিনতে তেখেতে বিদেশলৈ আচাৰ,জাম,জেলি ৰপ্তানি কৰিছিল।দূৰদৰ্শী চিন্তাধাৰাৰ এই ব্যক্তিজনে জলবিদ্যুৎ প্ৰকল্পৰ জৰিয়তে খেতিপথাৰত পানী যোগানৰ ব্যৱস্থাও কৰিছিল। ৬০ দৰ্শকৰ এই চিন্তা চৰ্চাক ন-ৰূপত গঢ়ি তুলিলে নিশ্চয়কে সম্প্ৰতি বিদ্যুতৰ নাটনি থকা বহু কেইখন গাঁওৱে বিদ্যুৎ লাভ কৰিব।

Comments (0)
Add Comment