৮বছৰে পুত্ৰৰ জন্মদিনত গছপুলি বিতৰণ কৰি আহিছে এগৰাকী সংবাদ কৰ্মীয়ে

চৰাইদেউ জিলাৰ মথুৰাপুৰ অঞ্চলৰ এগৰাকী সংবাদকৰ্মীৰ ব্যতিক্ৰমী পদক্ষেপে এতিয়া সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। মথুৰাপুৰৰ সাংবাদিক প্ৰণৱ বৰগোহাঁইৰ পুত্ৰ প্ৰদ্যুৎ বৰগোহাঁইৰ জন্ম দিনত প্ৰতিবছৰে গছপুলি ৰোপন কৰাৰ লগতে বিতৰণ কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।
 
 
প্ৰতিবছৰৰ দৰে এইবাৰো পুত্ৰৰ জন্মদিনটোত সংবাদকৰ্মীগৰাকীয়ে শতাধিক গছপুলি অঞ্চলটোত  ৰোপন কৰি বিতৰণ কৰে । পুত্ৰ প্ৰদ্যুতৰ অষ্টম সংখ্যক ওপজা দিন উপলক্ষে মথুৰাপুৰ উজনি কোঁৱৰ গাঁও নামঘৰত আজি অনুষ্ঠিত কৰা এক কাৰ্যসূচীত বকুল, পামলখি, কৃষ্ণচূড়া, কুঁজিঠেকেৰা, মধুৰীআম, লেতেকুকে ধৰি বিভিন্ন ফলমূল তথা ঔষধি গুণ সম্পন্ন গছপুলি ৰোপন কৰে।
 
 
সমাজকৰ্মী ধৰ্মেশ্বৰ কোঁৱৰ, সোণাৰি প্ৰেছ ক্লাবৰ সভাপতি আলিম আহমেদ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি ৰাজীৱ ৰাজকোঁৱৰৰ লগতে বহুকেইগৰাকী ব্যক্তিৰ উপস্থিত থাকে।

Comments (0)
Add Comment