ৰং তুলিকাৰ পৰশত জামুগুৰিহাটত জীৱন্ত ৰূপত দৃশ্যমান হৈছে স্বাধীনতা সংগ্ৰামৰ দেশপ্ৰেমমূলক দৃশ্য

স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি জামুগুৰিহাটৰ পৰিদৰ্শন বাংলাৰ চৌহদৰ দেৱাল ৰং তুলিকাৰে সজাই তুলিছে কেইগৰাকীমান উদীয়মান চিত্ৰ শিল্পীয়ে। যোৱা তিনি দিন ধৰি দিনে নিশাই ব্যস্ত থাকি দেৱালত অংকন কৰা দেশপ্ৰেমমূলক দৃশ্য্ই স্বাভাৱিকতেই দৃষ্টি আকৰ্ষণ কৰিছে সকলোকে। অঞ্চলটোৰ বাহঁবাৰী সত্ৰৰ যুৱ চিত্ৰ শিল্পী ৰাজদ্বীপ ভূঞাৰ নেতৃত্বত অম্বৰীশ বৰঠাকুৰ, ক্যাশপী বৰুৱা, উৎপল হাজৰিকা আৰু ৰিষি তামুলীয়ে হাতত ত্ৰিৰংগা লৈ বগা চাহাবৰ প্ৰতিৰোধৰ প্ৰাচীৰ ভাঙি কিদৰে দেশৰ স্বাধীনতা সংগ্ৰামী সকল আগবাঢ়ি গৈছিল,বৃটিছৰ বিৰুদ্ধে যুজিবলৈ যাওতে কিদৰে গাঁওত সভাপতা হৈছিল, দেহত বন্দুকৰ গুলি খাইও কিদৰে থানাত ত্ৰিৰংগা উত্তোলন কৰা হৈছিল সেইসকলো বোৰ দৃশ্য দেৱালত ৰং তুলিকাৰে জীৱন্ত ৰূপ দিয়া পৰিলক্ষিত হৈছে।শিল্পীৰ হাতৰ পৰশত দেৱালত অংকিত হোৱা স্বাধীনতা সংগ্ৰামৰ দেশপ্ৰেমমূলক দৃশ্যাংশ সকলোৰে বাবে হৈ পৰিছে এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Comments (0)
Add Comment