ৰঙিয়াত সেনাৰ জিঅ’চি ৰাণা প্ৰতাপ কলিতাক সম্বৰ্ধনা

ৰঙিয়াৰ মহখলিত দক্ষিণ পশ্চিম ৰঙিয়া আঞ্চলিক ৰাস মহোৎসৱ উপলক্ষে আজি ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ জিঅ’চি লেফ্টেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক বিশেষ সম্বৰ্ধনা জনোৱা হয়।নিজৰ জন্মস্থানত এনেদৰে বিশেষ কাৰ্যসূচীত উপস্থিত থাকিবলৈ পাই অভিভূত হৈ পৰে সেনাৰ উচ্চ পদস্থ বিষয়া কলিতা।আনহাতে অসম সাহিত্য সভাৰ শাখা ৰণদিয়া সাহিত্য সভাই এক অন্তৰংগ আলাপত ৰাণা প্ৰতাপ কলিতাক মানপত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জনায়। শাখাৰ সম্পাদক হেমন্ত কলিতাই আঁত ধৰা অনুষ্ঠানটোত কলিতাই ছাত্ৰৱস্থাৰ বিষয়ে উল্লেখ কৰি নষ্টালজিক হৈ পৰে।

Comments (0)
Add Comment