ৰঙিয়াত দেশভক্ত তৰুণৰাম ফুকনৰ জীৱন পৰিক্ৰমাৰ সম্পৰ্কত মননশীল বক্তৃতানুষ্ঠান অনুষ্ঠিত

অসম চৰকাৰে দেশমাতৃৰ সেৱাৰ বাবে নতুন পুৰুষক অনুপ্ৰেৰণা যোগোৱাৰ লগতে দেশপ্ৰেমীৰ ত্যাগ আৰু বলিদানক অনিৰ্বাণ আৰু অনিৰুদ্ধ কৰি ৰখাৰ উদ্দেশ্যে দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু বাৰ্ষিকীৰ সৈতে সঙ্গতি ৰাখি সমগ্ৰ ৰাজ্যজুৰি সশ্ৰদ্ধ স্মৰণেৰে পালন কৰা দেশভক্ত দিৱস আজি ৰঙিয়াতো মহকুমা প্ৰশাসনৰ সৌজন্যত তথা মহকুমা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্য্যালয়ৰ উদ্যোগত এক গাম্ভীৰ্য্যপূৰ্ণ পৰিৱেশত উদযাপন কৰা হয়। ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পাল, ভা:প্ৰ:সে:,ৰ সভাপতিত্বত মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি এখন গাম্ভীৰ্য্যপূৰ্ণ সভা অনুষ্ঠিত হয় । দেশপ্ৰেম আৰু ত্যাগৰ দ্বাৰা ‘দেশভক্ত’ হিচাপে ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত সোণালী আখৰেৰে নিজৰ নাম জিলিকাই ৰাখিবলৈ সক্ষম হোৱা তৰুণৰাম ফুকনৰ স্মৃতি সুঁৱৰি উত্তৰ পুৰুষে আজি “দেশভক্তি দিৱস” উদযাপন কৰাটো এক অত্যন্ত ইতিবাচক দিশ বুলি উল্লেখ কৰি সভাপতিৰ ভাষণত এক মননশীল আৰু শ্ৰুতি মধুৰ বক্তৃতা আগবঢ়ায় ৰঙিয়া মহকুমাৰ মহকুমাধিপতি শ্ৰীযুত পালে। সভাত সহকাৰী আয়ুক্ত তথা ৰঙিয়া পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া চম্পক ডেকা, স্বেচ্ছাসেৱী সংগঠন সাধনাৰ সম্পাদক তথা বিশিষ্ট যোগ চিকিৎসক জ্যোতিষ কলিতা, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ জিলা কাৰ্য্যনিৰ্বাহক সদস্য তথা স্থানীয় উদয়ন সঙ্ঘৰ সভাপতি তনুৰাম বনিয়া, ৰঙিয়া জিলা মহকুমা প্ৰশাসন সন্থাৰ সহকাৰী সম্পাদক হিতেশ চন্দ্ৰ নাথ প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট লোকে দেশভক্ত তৰুণৰাম ফুকনৰ জীৱন পৰিক্ৰমাৰ ওপৰত সাৰুৱা ভাষণ প্ৰদান কৰে। উক্ত অনূষ্ঠানটিৰ আঁত ধৰাৰ লগতে সভাত শলাগৰ শৰাই আগবঢ়ায় ৰঙিয়া মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হেমন্ত কুমাৰ শৰ্মাই। সভাত সহকাৰী আয়ুক্ত কেশৱানন্দ টাইড্, কোষাগাৰ বিষয়া ৰাজকুমাৰ পাঠক, উপ-পঞ্জীয়ক মনজিৎ কুমাৰ দাস, ৰঙিয়া মহকুমা প্ৰশাসন তথা মহকুমা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্য্যালয়ৰ কৰ্মচাৰীবৃন্দকে মুখ্য কৰি কেইবাগৰাকীও স্থানীয় লোক আৰু সাংবাদিক উপস্থিত থাকে।
বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Comments (0)
Add Comment