ৰঙিয়াত সামাজিক -সাংস্কৃতিক সংগঠন সংগীতৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্নঃহেমন্তৰ সন্ধিয়া সংগীতৰ গীত আৰু কবিতাৰে জীপাল হ`ল উদযাপন স্থলী

ৰঙিয়াৰ অন্যতম সামাজিক তথা সাংস্কৃতিক সংগঠন সংগীতৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান বৃহস্পতিবাৰে সন্ধিয়া স্থানীয় ৰাইজমেল কৃষক ছহিদ ভবন প্ৰেক্ষাগৃহত সফলতাৰে অনুষ্ঠিত হৈ যায় ।তদুপলক্ষে আয়োজন কৰা হয় “হেমন্তৰ সন্ধিয়া সংগীতৰ গীত আৰু কবিতা”শীৰ্ষক অনুষ্ঠান ।সংগঠনটোৰ উপ সভাপতি জয়ন্ত কুমাৰ শৰ্মাই সঞ্চালনা কৰা অনুষ্ঠান টোৰ প্ৰাৰম্ভিকতে প্ৰয়াত কবি সনন্ত তাতিৰ স্মৃতিত মৌন প্ৰাৰ্থনাৰে শ্ৰদ্ধা জ্ঞাপন কৰা হয়।
সম্পাদক পংকজ পল্লৱ শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত কবি নুৰুল আমিন,উজ্বল ডেকা,প্ৰাঞ্জল শৰ্মা, সনত মহন্ত,বৰ্ণালী ডেকা,লভিতা মেধী,মুনীন শৰ্মা, তীৰ্থমনি ডেকা,আৰিফুৰ ৰহমান ,হেমন্ত কুমাৰ কলিতা, প্ৰদীপ কলিতা ,ভাস্কৰ কলিতা আৰু বীনা বৰুৱা প্ৰমূখ্যে কবি সকলে স্বৰচিত কবিতা পাঠেৰে অনুষ্ঠানটি জীপাল কৰি তোলে ।আনহাতে কবিতা পাঠৰ মাজে মাজে শিল্পী মহেশ্বৰ কলিতা,সাধন শৰ্মা, বিপুল তালুকদাৰ,বিমলা শৰ্মাৰ লগতে শিশু শিল্পী প্ৰান্তিক নাথৰ কণ্ঠত পৰিৱেশন কৰা সংগীতানুষ্ঠানে অন্য এক মাত্ৰা প্ৰদান কৰে ।কৌতুক অভিনেতা দ্বয় হৰিশ তালুকদাৰ ,যাদৱ কুমাৰ কলিতাৰ কৌতুক ৰ অনুষ্ঠানে ৰসাল কৰি তোলে ।পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰদীপ কুমাৰ বৰ্মণে আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰা অনুষ্ঠানটিৰ সামৰণিত সংগীত গ্ৰুপ অফ ক্ৰিয়েচনৰ বেনাৰত নিৰ্মাণ কৰা ৱেব চিৰিজ মেঘে ঢকা আকাশৰ তৃতীয় খণ্ডটিৰ শুভমুক্তি দিয়া হয় ।খণ্ডটিৰ আনুষ্ঠানিক ভাবে উন্মোচন কৰে অৱসৰ প্ৰাপ্ত অধ্যাপক পবিন কলিতা আৰু বিশিষ্ট সমাজকৰ্মী পবিত্ৰ কুমাৰ কলিতাই ।ইয়াৰ পূৰ্বে পুৱাৰ ভাগত গছপুলি ৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিশিষ্ট ফটোগ্ৰাফাৰ পংকজ প্ৰকাশে।
বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Comments (0)
Add Comment