ৰঙিয়া ৰেলৱে মণ্ডলৰ কাৰ্য্যালয়ত সংবাদমেল অনুষ্ঠিত

ৰঙিয়া ৰেলৱে মণ্ডলৰ প্ৰবন্ধক ভি এ মালেগাঁৱকে আজি এখন সংবাদমেল সম্বোধন কৰে।তেখেতে সংবাদমেলত কয় যে
অচিৰেই ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত শৰাইঘাট ৰেলৱেৰ দ্বিতীয় খন দলং আৰম্ভ হ’ব।ক’ৰণাৰ কাৰণে বন্ধ হৈ থকা যাত্ৰীবাহী গাড়ী সমূহ ৰাজ্য চৰকাৰৰ নিৰ্দেশ পালেই চলোৱা হ’ব।
ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ যাত্ৰীৰ সুবিধাৰ্থে ৰঙিয়াৰ পৰা মুৰকংছেলেকলৈকে চলা যাত্ৰীবাহী আৰু মেইল গাড়ী সমূহ চলাচল কৰা হ’ব।ক`ভিডৰ সংক্ৰমণ কিছু কমিলে তথা লকডাউন কিছু শিথিল হ`লেই বন্ধ হৈ থকা ৰেল গাড়ী সমূহ চলোৱা হ’ব বুলি ৰেলৱে প্ৰবন্ধক গৰাকীয়ে জানিবলৈ দিয়ে।
খাদ্য সামগ্ৰীৰ অনা নিয়া তথা উত্তৰ পূৱৰ বিভিন্ন ঠাই সমূহলৈ কঢ়িয়াবলৈ শীঘ্ৰে উত্তৰ পূৱ সীমান্ত ৰেলৱেত বহু কেইটা খাদ্য ৰেক আৰম্ভ হ’ব।ৰঙিয়াৰ পৰা কামাখ্যা খণ্ডলৈ বৈদ্যুতিক ৰেলৰ চলাচল আৰম্ভ কৰা হ’ব বুলি তেখেতে জানিবলৈ দিয়ে। বৈদ্যুতিক লোকোমটিভৰ জৰিয়ত বঙাইগাঁও আৰু ৰঙিয়াৰ মাজত প্ৰায় ৬০ খন মালবাহী ৰেলৰ চলাচল আৰম্ভ কৰিব।
বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই..

Comments (0)
Add Comment