ৰাজ্যজুৰি উদযাপন হ’ল ভোগালী বিহু

ৰাজ্যজুৰি উদযাপিত হ’ল হেঁপাহৰ ভোগালী বিহু।মহামাৰী ক’ৰণাৰ পিছত অসমীয়া ৰাইজে পৰম্পৰাগত ৰীতি নীতিৰে ভোগালীক আদৰে।কালি উৰুকাৰ উপলক্ষে ঠায়ে ঠায়ে মাছ ধৰা পৰম্পপৰা অনুষ্ঠিত হয়। উৰুকা নিশা লগে ভাগে এসাজ খাই আজি পুৱতি নিশা মেজি প্ৰজ্বলন কৰে।
মাজুলীৰ শ্ৰী শ্ৰী দক্ষিণ পাট সত্ৰটো দেখা গ’ল ভোগালীক আদৰাৰ ৩৬৭ বছৰীয়া পৰম্পৰা।পুৱা ভাগত সত্ৰৰ ভকত বৈষ্ণৱ সকলে নাম কীৰ্ত্তন কৰি মেজি জ্বলায়।সমাজৰ পৰা যাতে অপায় অমংগল অসুয়া অপ্ৰীতি নাশ হয় ভগৱানৰ ওচৰত প্রার্থনা জনায়।

Comments (0)
Add Comment