ৰাজ্যত অব্যাহত জাতীয় সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞ

ৰাজ্যত পুনৰ এবছৰলৈ অব্যাহত থাকিব ধপাত জাতীয় সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞ। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ,অসম চৰকাৰে জাৰি কৰিছে এই নিৰ্দেশনা।২.৩.৪ খাদ্য সুৰক্ষা আৰু মানদণ্ড নিয়ম, ২০১১ ৰ অধীনত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
পোন প্ৰথমবাৰৰ বাবে ২২ নৱেম্বৰ ২০১৯ চনত অসম চৰকাৰে ধপাত জাতীয় সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞ জাৰি কৰিছিল ।এই বিষয়ে দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি আহিছিল কনজিওমাৰ লিগেল প্ৰটেকশ্বন ফ’ৰামে।উল্লেখযোগ্য যে অসমত সৰ্বাধিক গড়ে ৪৮.২ শতাংশ ধপাত সেৱন কৰা হয়।যিটো ৰাষ্ট্ৰীয় গড় ২৮.৬ শতাংশৰ দুগুণ। ৪১.৭ শতাংশ লোকে ধোঁৱাবিহীন সেৱন কৰা বিপৰীতে ১৩.৩ শতাংশ লোকে ধোঁৱাজাতীয় ধপাত সেৱন কৰে।

Comments (0)
Add Comment