ৰাজ্যত পৰ্য্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰী মজুত আছে -ফণী ভূষণ চৌধুৰী

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২৪মাৰ্চৰ পৰা ২১ দিনৰ বাবে লকডাউন ঘোষণা কৰাৰ পাছতে প্ৰয়োজনীয় খাদ্য সামগ্ৰী মজুত কৰণৰ সম্পৰ্কত যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে এক সংবাদ মেল অনুষ্ঠিত কৰে।
 
 
জনতা ভৱনত অনুষ্ঠিত সংবাদ মেলখনত খাদ্যবস্তুৰ বাবে কোনোধৰণৰ নাটনি নহয় বুলি মন্তব্য  কৰে ।
 
 
লগতে কয় যে বিভিন্ন জিলাৰ পৰা লাভ কৰা তথ্য অনুসৰি ৰাজ্যত বৰ্তমানে ২লাখ কুইণ্টল চাউল, ৬৩হাজাৰ ৬৫কুইণ্টল মচুৰ দাইল, মিঠাতেল ৬৫ হাজাৰ ৩৭০কুইণ্টল, আটা ১২হাজাৰ ৮৭৯ কুইণ্টল, ১৪, ৩৭০কুইণ্টল পিয়াজ, মগু দাইল ১০হাজাৰ ৯২৩কুইণ্টল,চেনি ৭৫হাজাৰ ৫৫২ কুইণ্টল ,নিমখ ১লাখ ৩৫হাজাৰ ৯৯৭ কুইণ্টল মজুত আছে।
 
অসাধু ব্যৱসায়ীয়ে যাতে খাদ্য সামগ্ৰী দাম বৃদ্ধি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব বুলি সংবাদমেলত মন্তব্য কৰে।

Comments (0)
Add Comment