ৰাণু মণ্ডলক লৈ বায়`পিক নিৰ্মাণ হ`ব

একে ৰাতি ভিতৰতে ষ্টাৰ হৈ যোৱা ৰাণু মণ্ডলক মনত আছে নে?সেই ৰাণু মণ্ডলৰ ওপৰত বায়’পিক নিৰ্মাণ হ’ব।ছ’চিয়েল মেডিয়া হ’ল এনেকুৱা এখন প্লেটফৰ্ম যি একে ৰাতি ভিতৰতে ষ্টাৰ বনাই দিব পাৰে। পোন প্ৰথমে ৰেল ষ্টেচনত ভীক্ষা খুজি গীত গোৱা ৰাণু মণ্ডল এটা ফেচবুক লাইভৰ জৰিয়তে একে ৰাতি ভিতৰতে ষ্টাৰ হৈ গৈছিল।
ৰাণু মণ্ডলক পৰৱৰ্তী সময়ত হিমেশ ৰেশমিয়াই গীত পৰিবেশন বাবে সুযোগ দিয়া পিছত সমগ্ৰ বিশ্বতে চর্চিত হৈ পৰিল। অৱশ্যে ৰাণু মণ্ডলে যিদৰে চৰ্চা লাভ কৰিলে পৰৱৰ্তী সময়ত বিভিন্ন বিতৰ্কতো সোমাই পৰিল।যাৰ ফলস্বৰূপে ৰাণু মণ্ডলে ষ্টাৰৰ জীৱন যাপন কৰাৰ সলনি সম্প্ৰতি সাধাৰণ ভাৱে চলি আছে।এই সমগ্ৰ কাহিনীক লৈ বায়’পিক নিৰ্মাণ কৰিব পৰিচালক হৃষীকেশ মণ্ডলে। ৰাণু মণ্ডলৰ ভূমিকাত অভিনয় কৰিব চিক্ৰেট গেমছ ছিৰিজৰে পৰিচিত অভিনেত্ৰী ইশিকা দেই।ছবি খনৰ নাম ‘মিছ ৰাণু মাৰিয়া’।ছবিখনৰ শ্বটিং অহা নৱেম্বৰ মাহৰ পৰা হ`ব।

Comments (0)
Add Comment