ৰাষ্ট্ৰপতিক বৃন্দাবন বস্ত্ৰ আলোকচিত্ৰ প্ৰদান কৰাত আনন্দ প্ৰকাশ মন্ত্ৰী ৰঞ্জিত দাসৰ

আজি অসমৰ ৰাজ্যপাল জগদীশ মুখীৰ উপস্থিতিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক ঐতিহ্যমণ্ডিত বৃন্দাবন বস্ত্ৰৰ এখন আলোকচিত্ৰ প্ৰদান কৰা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অতি আনন্দ প্ৰকাশ কৰে।মন্ত্ৰী দাসে কয় আজি ৰাষ্ট্ৰপতিক এইঐতিহ্যমণ্ডিত বৃন্দাবন বস্ত্ৰ আলোকচিত্ৰ বিষয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত বহুলভাৱে প্ৰচাৰ হ`ব আৰু বিদেশৰ অসমলৈ ঘুৰাই অনাৰ পথ প্ৰশস্ত হ`ব বুলি মই আশাবাদী।

বৃন্দাবন বস্ত্ৰ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দিকদৰ্শন আৰু তত্বাৱধানত বৰপেটাত মথুৰা দাস বুঢা আতাই প্ৰস্তুত কৰি উলিওৱা এখন বস্ত্ৰ।এই বস্ত্ৰখনত ভগৱন্তৰ লীলা সমূহৰ চিত্ৰ সমূহ বৰ্ণনা কৰা হৈছে।উল্লেখ্য যে এই বস্ত্ৰখনৰ কিছু অংশ লণ্ডনৰ ভিক্টোৰিয়া আৰু এলৰ্বাট সংগ্ৰহালয়ত আৰু কিছু অংশ পেৰিছৰ গুইমেট সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে।

Comments (0)
Add Comment