ৰাষ্ট্ৰীয় নৃত্য প্ৰতিযোগিতাত উজলিছে টীয়কৰ আদ্ৰী

ক’ৰণাৰ আতংকৰ বাবে সমগ্ৰ দেশতে শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছে।অৱশ্যে অনলাইন যোগে শিক্ষানুষ্ঠানসমূহে ছাত্ৰ ছাত্ৰীসকলৰ পাঠদান বাবে অব্যাহত ৰাখিছে।
 
 
 
তাৰ মাজতে ছাত্ৰ ছাত্ৰীসকলে ঘৰতে থাকি পঢ়া শুনা তথা ঘৰুৱা কাম কাজত অভিভাৱকক সহায় কৰাৰ সমান্তৰালকৈ নিজ ৰাপ অনুসৰি নৃত্য,গীত,খেলা- ধূলাত আদিত ব্যস্ত হৈ পৰিছে।এনে ব্যস্ততাৰ মাজেৰে টীয়কৰ এগৰাকী দহ বছৰীয়া কণমানিয়ে নৃত্য পৰিবেশন কৰি এতিয়া ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিবলৈ সক্ষম হৈছে।যোৰহাট জিলাৰ টীয়ক নগৰৰ ৩ নং ৱাৰ্ডৰ অচ্যুত মাৰ্গৰ নিবাসী লক্ষ্য দত্ত আৰু সংগীতা শইকীয়া দত্তৰ একমাত্ৰ কন্যা আদ্ৰী দত্তই চিৰাম জেনেৰেল ইঞ্চুৰেন্স কোম্পানীয়ে সৰ্বভাৰতীয় পৰ্য্যায়ত আয়োজন কৰা অনলাইন নৃত্য প্ৰতিযোগিতাত নিজ পাৰদৰ্শিতাৰে ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে শীৰ্ষ ২৩ শীৰ্ষত ভিতৰত অন্তভুৰ্ক্ত হ’বলৈ সক্ষম হৈছে আৰু অহা দেওবাৰে অনলাইন যোগে চেমি ফাইনেল অনুষ্ঠিত হ’ব। সেয়ে এতিয়া কণমানিজনী চুড়ান্ত পৰ্য্যায়ত উপনীত হ’বলৈ সকলোৰে মৰম আশীৰ্বাদ বিচৰাৰ লগতে তলৰ link টো like আৰু share কৰি সকলোকে সহায় কৰিবলৈ অনুৰোধ জনাইছে আদ্ৰীয়ে।https://m.facebook.com/story.php?story_fbid=1263986857281236&id=134475673565699&scmts=scwsplos

Comments (0)
Add Comment