ৰেলযাত্ৰীলৈ সুখবৰ-নতুনকৈ চলিব যাত্ৰীবাহী ৰেল

ৰেল যাত্রী সকললৈ সুখবৰ।অহা ১৪ ডিচেম্বৰৰ পৰা নিউ বঙাইগাঁৱৰ পৰা ৰঙিয়া হৈ গুৱাহাটীলৈ চলিব বিশেষ যাত্ৰীবাহী ৰেল ।এই বিশেষ ৰেল খনেৰে অতি কম সময়ৰ ভিতৰতেই যাত্রী সকলে গুৱাহাটীলৈ যাত্ৰা কৰিব পাৰিব।
ৰেলখন নিউ বঙাইগাঁও ষ্টেশ্যনৰ পৰা নিতৌ পুৱা ৪:৫০ বজাত যাত্ৰা আৰম্ভ কৰিব আৰু পুৱা ৯:১৫ বজাত গুৱাহাটী ষ্টেশ্যন পাবহি। আনহাতে পুনৰ ৫:৩০ বজাত ৰেল খনে গুৱাহাটী ষ্টেশ্যনৰ পৰা যাত্ৰা আৰম্ভ কৰি নিশা ৯:৫৮ বজাত নিউ বঙাইগাঁও ষ্টেশ্যনলৈ পাব।উল্লেখযোগ্য যে ক’ৰণাকালীন পৰিস্থিতিৰ বাবে যোৱা কেইবামাহ ধৰি মানস, ৰাইনো, বহাগী, চিংফু আদি লোকেল ৰেলসমূহে বন্ধ হৈ থকাত যাত্ৰীসকলে ভীষণ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে।

Comments (0)
Add Comment