এগৰাকী সাহসী মহিলা আৰক্ষী বিষয়া।তেওঁ নুনমাটি থানাৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত হৈ থকাৰ দিনতে কালপ্ৰিট সুবোধ বিশ্বাসক পশ্চিমবঙ্গৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।লগতে তেখেতৰ কাৰ্যকালত বহুকেইজন ড্ৰাগছ মাফিয়া,ভূ মাফিয়াক গ্ৰেপ্তাৰ কৰে আৰু নাৰী সম্পৰ্কীয় কেইবাটাও গোচৰ অতি শীঘ্রে সমাধান হয়।জানিব পৰা মতে অসম আৰক্ষীৰ উপায়ুক্ত আৰু শীৰ্ষ বিষয়াসকলৰ মাজত হোৱা এক বৈঠকত সু সেৱা আগবঢ়োৱা আৰক্ষী বিষয়াসকলৰ ভিতৰত পুৰবী মজুমদাৰৰ নাম বিবেচিত হয়।২০১৮ বৰ্ষৰ পুলিচ দিৱসৰ দিনা বঁটা প্ৰাপ্তসকলৰ নাম ঘোষণা কৰে উপায়ুক্ত কাৰ্যালয়ে।আৰু ২০১৯ বৰ্ষৰ ‘অসম আৰক্ষী সাহসিকতা বঁটা’ প্ৰদান কৰে সাহসী মহিলা আৰক্ষী বিষয়া পুৰবী মজুমদাৰক।এই বঁটাত আছে ডি জি পি ৰূপৰ পদক আৰু ডি জি পি স্বাক্ষৰ সম্বলিত এখন মানপত্ৰ।এই সন্দৰ্ভত বিষয়া গৰাকীয়ে কয় যে আৰক্ষী উপায়ুক্ত হীৰেন চন্দ্র নাথৰ সাহস আৰু উৎসাহে তেওঁক প্ৰেৰণা যোগাই আহিছে।তেখেতৰ কাৰ্যকালত অতিৰিক্ত আৰক্ষী আয়ুক্ত হিচাপে কাম কৰি যথেষ্ট উৎসাহিত হৈছো।মহিলা আৰক্ষী হিচাপে এই বঁটা লাভ কৰি মই অত্যন্ত সুখী।খবৰ যুগুতালে গীতাঞ্জলি গগৈয়ে..
Trending
- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে আজি গোৱালপাৰা জিলা ভ্ৰমন কৰি কেইবাটাও কাৰ্যসূচীত অংশ গ্ৰহণ কৰে
- গুৱাহাটী মহানগৰীৰ বশিষ্ঠত নন্দ উৎসৱ উদযাপন
- MGM Healthcare Organises CME on Heart &Lung Transplant, and Mechanical Circulatory Support & ECMO
- যোৰাবাট উন্নয়ন সমিতিৰ স্বাধীনতা দিৱস উদযাপন
- পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ব্যতিক্ৰমী স্বাধীনতা দিৱস উদযাপন
- On 79th Independence Day, NSE Chief Ashishkumar Chauhan Wishes the Nation Progress and Prosperity
- এন ই ফ’কাচ ডট কমৰ নৱম বৰ্ষপুৰ্তিৰ উদযাপন
- সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ
- সৰুসজাই ষ্টেডিয়ামত ১১হেজাৰ শিল্পীয়ে পৰিবেশন কৰিব বড়ো লোক নৃত্যানুষ্ঠান ‘বাগৰুম্বা দ’হৌ
- আই আই টি গুৱাহাটী আৰু বালিপাৰা ফাউণ্ডেচনৰ মাজত বুজাবুজি চুক্তি-পূৱ হিমালয়ৰ পৰিৱেশ সংৰক্ষণ, শক্তি আৰু জল সুৰক্ষাৰ বাবে নতুন উদ্ভাৱন নীতিত কাম কৰাৰ লক্ষ্য