এগৰাকী সাহসী মহিলা আৰক্ষী বিষয়া।তেওঁ নুনমাটি থানাৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত হৈ থকাৰ দিনতে কালপ্ৰিট সুবোধ বিশ্বাসক পশ্চিমবঙ্গৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।লগতে তেখেতৰ কাৰ্যকালত বহুকেইজন ড্ৰাগছ মাফিয়া,ভূ মাফিয়াক গ্ৰেপ্তাৰ কৰে আৰু নাৰী সম্পৰ্কীয় কেইবাটাও গোচৰ অতি শীঘ্রে সমাধান হয়।জানিব পৰা মতে অসম আৰক্ষীৰ উপায়ুক্ত আৰু শীৰ্ষ বিষয়াসকলৰ মাজত হোৱা এক বৈঠকত সু সেৱা আগবঢ়োৱা আৰক্ষী বিষয়াসকলৰ ভিতৰত পুৰবী মজুমদাৰৰ নাম বিবেচিত হয়।২০১৮ বৰ্ষৰ পুলিচ দিৱসৰ দিনা বঁটা প্ৰাপ্তসকলৰ নাম ঘোষণা কৰে উপায়ুক্ত কাৰ্যালয়ে।আৰু ২০১৯ বৰ্ষৰ ‘অসম আৰক্ষী সাহসিকতা বঁটা’ প্ৰদান কৰে সাহসী মহিলা আৰক্ষী বিষয়া পুৰবী মজুমদাৰক।এই বঁটাত আছে ডি জি পি ৰূপৰ পদক আৰু ডি জি পি স্বাক্ষৰ সম্বলিত এখন মানপত্ৰ।এই সন্দৰ্ভত বিষয়া গৰাকীয়ে কয় যে আৰক্ষী উপায়ুক্ত হীৰেন চন্দ্র নাথৰ সাহস আৰু উৎসাহে তেওঁক প্ৰেৰণা যোগাই আহিছে।তেখেতৰ কাৰ্যকালত অতিৰিক্ত আৰক্ষী আয়ুক্ত হিচাপে কাম কৰি যথেষ্ট উৎসাহিত হৈছো।মহিলা আৰক্ষী হিচাপে এই বঁটা লাভ কৰি মই অত্যন্ত সুখী।খবৰ যুগুতালে গীতাঞ্জলি গগৈয়ে..
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী