admin January 15, 2021 6:10 PM
অসমীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই এই বছৰৰ পৰা আয়োজন কৰিবলৈ প্ৰয়াস কৰিছে নাট্য চৰ্চাৰ এক বিশেষ অনুষ্ঠান ৰূপকোঁৱৰ নাট্য উৎসৱ।অসমৰ সাহিত্য আৰু সংস্কৃতিৰ ৰূপকাৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ পবিত্ৰ স্মৃতিত নিবেদন কৰা হ’ব চৌখিন নাট্য সম্ভাৰ।
প্ৰথমবাৰৰ বাবে অহা ১৭ জানুৱাৰী পৰা ১৯ জানুৱাৰীলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত তিনিদিনীয়া কাৰ্যসূচীৰে ৰূপকোঁৱৰ নাট্য উৎসৱ আৰম্ভ হব।১৭ জানুৱাৰী শিল্পী দিৱসৰ দিনা শুভাৰম্ভ হ’বলগীয়া নাট্য উৎসৱৰ প্ৰথম নাট্য নিবেদন জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী নাটক কাৰেঙৰ লিগিৰী। বিশিষ্ট অভিনেতা পৰিচালক প্ৰাঞ্জল শইকীয়াৰ পৰিচালনাত নাটখনি প্ৰয়োজনা কৰিছে যোৰহাটৰ কৃষ্টিৰ পথাৰ নাট্য গোষ্ঠীয়ে।
১৮ জানুৱাৰী দিনা নাটক কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ মূল কাহিনী শ্ৰীপত্ৰৰ আধাৰত ইতি মৃণালিনী।ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক অসমৰ গৌৰৱ ৰবিজিতা গগৈৰ অভিযোজনা, পৰিকল্পনা আৰু পৰিচালনাৰে জিৰচং থিৰেটাৰে এই মননশীল নাটখন উপস্থাপন কৰিব। তৃতীয় দিনা ১৯ জানুৱাৰী সন্ধ্যাৰ নাট্য প্ৰযোজনা ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন নাট্যগোষ্ঠী পূৰ্বৰংগ’ৰ ঘটোৎকচ পুত্ৰ মোৰ। নাট্যকাৰ মৃণ্ময় ভূঞাৰ অভিনৱ নাট্য ৰচনাৰে পৰিকল্পনা পৰিচালনা আৰু সংগীত বিশিষ্ট অভিনেতা নাট পৰিচালক গুণাকৰ দেৱ গোস্বামীৰ।
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত প্ৰতিদিনে সন্ধিয়া ৬-৩০ বজাত আৰম্ভ হ’ব লগীয়া এই নাট্যনুষ্ঠান পূৰ্বে প্ৰেক্ষাগৃহ প্ৰাংগনত সন্ধিয়া ৫-৩০ বজাত অনুষ্ঠিত হ’ব পূৰ্বৰংগ অনুষ্ঠান।এই অনুষ্ঠানত প্ৰথমদিনা কামৰূপী ঢুলীয়া চাৰকাছ,দ্বিতীয় দিনা পুতলা নাট্য আৰু তৃতীয় মুকাভিনয়ৰ এক বিশেষ কাৰ্যসূচী ব্যৱস্থা কৰা হৈছে।নাট্য উৎসৱৰ আটাইকেইদিনৰ নাট্য সন্ধিয়াত সমূহ নাট্যপ্ৰেমী ৰাইজৰ উপস্থিতি কলাক্ষেত্ৰ সমাজে কামনা কৰিছে।
ভিউৱাছৰ মতামত