অলপতে মৰাণৰ বটামৰা তিনিআলিৰ সমীপত লিটল লিজেন্দছ প্ৰিস্কুলৰ শুভাৰম্ভ কৰা হয়৷ অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে মৰাণ অইল ইণ্ডিয়া লিমিটেডৰ মহা প্ৰবন্ধক চান কুমাৰ দেউৰীয়ে৷ সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তি দীলিপ গোস্বামীয়ে ৰাইজৰ সহায় আৰু সহযোগিতাইহে যে বিদ্যালয় এখনক স্বগৰিমাৰে আগুৱাই যোৱাত সহায় কৰে সেয়া উল্লেখ কৰে৷ বটামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰীযুতা পুষ্পাঞ্জলি গগৈ বৈৰাগীয়ে বটামৰা অঞ্চলত বিদ্যালয় এখনি আৰম্ভ কৰাৰ কাৰণে বিদ্যালয়ৰ তত্ত্বাৱধায়িকা ড° সমাদৃতা গোস্বামীৰ শলাগ লয়৷ সভাত ড° সমাদৃতা গোস্বামীয়ে বিদ্যালয় খনৰ বিষয়ে উল্লেখ কৰি কয় যে যদিও বিদ্যালয়খন ইংৰাজী মাধ্যমৰ, এই বিদ্যালয়ত এটি শিশুৱে মাতৃভাষা শিকাৰ সকলো সুযোগ পাব আৰু এই বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰা আৰ্থিক ভাবে পিচপৰা ছাত্ৰ-ছাত্ৰীক ধীৰেন্দ্ৰ নাথ গোস্বামী স্মাৰক ন্যাসৰ তৰফৰ পৰা বিনামূলীয়া শিক্ষা প্ৰদান কৰা হ’ব৷ সামাজিক কৰ্মী সৰ্বশ্ৰী প্ৰদীপ শৰ্মা, আনন্দ বৰুৱা আৰু বৰুণ চুতীয়াকে আদি কৰি বটামৰা অঞ্চলৰ ভালেখিনি ৰাইজৰ উপস্থিতিত কন কন শিশুৱে গছ পুলি ৰোপণ কৰে৷ লিটল লিজেন্দছ প্ৰিস্কুলে ফেচবুকত আৰম্ভ কৰা চেলফি প্ৰতিযোগিতাত বিজয়ী হোৱা দুলীয়াজানৰ ধৃতিমান মজুমদাৰ আৰু তেওঁৰ মাকক অনুষ্ঠানতে পুৰস্কাৰ প্ৰদান কৰা হয়৷দুবছৰীয়া শিশুৰ পৰা ছয় বছৰীয়া শিশুৱে শিক্ষাগ্ৰহণ কৰিব পৰা লিটল লিজেন্দছ প্ৰিস্কুলৰ পাঠদান আগষ্ট মাহৰ ১ তাৰিখৰ পৰা আৰম্ভ কৰা হয়৷ উল্লেখযোগ্য যে লিটল লিজেন্দছ প্ৰি স্কুলে ২০ জুলাইৰ পৰা ২৭ জুলাইলৈ সফলভাৱে গ্ৰীষ্মকালীন শিবিৰ অনুষ্ঠিত কৰাৰ কাৰণে স্থানীয় ৰাইজে শলাগ লয়৷

মিছেছ লিডাৰশ্বীপ খিতাপ অৰ্জন পলাশবাৰী সৰপাৰাৰ অনামিকা ডেকাৰ
দক্ষিণ কামৰূপৰ পলাশবাৰী সৰপাৰাৰ এগৰাকী বিউটিচিয়ান তথা মেকাপ আৰ্টিছ অনামিকা ডেকাই জগত জিনাৰ সপোন ৰচিছে। মিৰ্জাৰ সমীপৱৰ্তী সৰপাৰা চন্দ্ৰধৰ ডেকা আৰু সৰলা ডেকাৰ জীয়ৰী অনামিকা ডেকাই মহানগৰীৰ জিলা পুথিভড়াঁলত যোৱা ২৩ জানুৱীত ‘ইণ্টাৰনেচনেল গ্লোবেল ষ্টাৰ আইকন’ৰ উদ্যোগত মিচেছ, মিষ্টাৰ আৰু শিশুৰ বাবে অনুষ্ঠিত এখন ব্যয় বহুল প্ৰতিযোগিতাত সৰপাৰাৰ অনামিকাই ডেকাই মেকআপ আৰ্টিছৰ গ্ৰুপৰ ভিতৰত ইণ্টাৰনেচনেল লিডাৰশ্বীপ এৱাৰ্ড চুড়ান্ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। উক্ত প্ৰতিযোগিতাত প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল। ডেকাৰ এনে সাফল্যত উৎফুলিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজৰ লগতে পলাশবাৰীবাসী ৰাইজে। উল্লেখ্য যে, অনামিকা ডেকাই ইয়াৰ পূৰ্বে ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰত অনুষ্ঠিত এনেধৰণৰ প্ৰতিযোগিতাত বহুবাৰ সন্মান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। মিৰ্জাত যুৱতীগৰাকীয়ে এখন লেডিছ বিউটি পাৰ্লাৰ যোগেদি নিজৰ অৰ্থ উপাৰ্জন কৰাৰ উপৰিও বহুকেইখন চিনেমা আৰু ভিডিঅ’ গীতত মেকআপৰে অভিনেতা-অভিনেত্ৰীসকলৰ সৌন্দৰ্য বৰ্ধন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।অনামিকা ডেকাৰ এনে সাফল্যত দক্ষিণ কামৰূপৰ বিভিন্ন দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰি উজ্বল ভৱিষ্যত কামনা কৰিছে।
ভিউৱাছৰ মতামত