আৰম্ভ হ’ল এখন ব্যতিক্ৰমী বিদ্যালয়

0 260

অলপতে  মৰাণৰ বটামৰা তিনিআলিৰ সমীপত লিটল লিজেন্দছ প্ৰিস্কুলৰ শুভাৰম্ভ কৰা হয়৷ অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে মৰাণ অইল ইণ্ডিয়া লিমিটেডৰ মহা প্ৰবন্ধক  চান কুমাৰ দেউৰীয়ে৷ সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তি দীলিপ গোস্বামীয়ে ৰাইজৰ সহায় আৰু সহযোগিতাইহে যে বিদ্যালয় এখনক স্বগৰিমাৰে আগুৱাই যোৱাত সহায় কৰে সেয়া উল্লেখ কৰে৷ বটামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰীযুতা পুষ্পাঞ্জলি গগৈ বৈৰাগীয়ে বটামৰা অঞ্চলত বিদ্যালয় এখনি আৰম্ভ কৰাৰ কাৰণে বিদ্যালয়ৰ তত্ত্বাৱধায়িকা ড° সমাদৃতা গোস্বামীৰ শলাগ লয়৷ সভাত ড° সমাদৃতা গোস্বামীয়ে বিদ্যালয় খনৰ বিষয়ে উল্লেখ কৰি কয় যে যদিও বিদ্যালয়খন ইংৰাজী মাধ্যমৰ, এই বিদ্যালয়ত এটি শিশুৱে মাতৃভাষা শিকাৰ সকলো সুযোগ পাব আৰু এই বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰা আৰ্থিক ভাবে পিচপৰা ছাত্ৰ-ছাত্ৰীক ধীৰেন্দ্ৰ নাথ গোস্বামী স্মাৰক ন্যাসৰ তৰফৰ পৰা বিনামূলীয়া শিক্ষা প্ৰদান কৰা হ’ব৷ সামাজিক কৰ্মী সৰ্বশ্ৰী প্ৰদীপ শৰ্মা, আনন্দ বৰুৱা আৰু বৰুণ চুতীয়াকে আদি কৰি বটামৰা অঞ্চলৰ ভালেখিনি ৰাইজৰ উপস্থিতিত কন কন শিশুৱে গছ পুলি ৰোপণ কৰে৷ লিটল লিজেন্দছ প্ৰিস্কুলে ফেচবুকত আৰম্ভ কৰা চেলফি প্ৰতিযোগিতাত বিজয়ী হোৱা দুলীয়াজানৰ ধৃতিমান মজুমদাৰ আৰু তেওঁৰ মাকক অনুষ্ঠানতে পুৰস্কাৰ প্ৰদান কৰা হয়৷দুবছৰীয়া শিশুৰ পৰা ছয় বছৰীয়া শিশুৱে শিক্ষাগ্ৰহণ কৰিব পৰা লিটল লিজেন্দছ প্ৰিস্কুলৰ পাঠদান আগষ্ট মাহৰ ১ তাৰিখৰ পৰা আৰম্ভ কৰা হয়৷ উল্লেখযোগ্য যে লিটল লিজেন্দছ প্ৰি স্কুলে ২০ জুলাইৰ পৰা ২৭ জুলাইলৈ সফলভাৱে গ্ৰীষ্মকালীন শিবিৰ অনুষ্ঠিত কৰাৰ কাৰণে স্থানীয় ৰাইজে শলাগ লয়৷

Leave A Reply

Your email address will not be published.