বয়ন শিল্পত চহকী অসম।তাঁতশাল আমাৰ জাতীয় জনজীৱনৰ অঙ্গস্বৰূপ।অসমৰ শিপিনীয়ে তৈয়াৰ কৰা ফুলাম কাপোৰ দেখি জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল অসমীয়া তিৰোতাই কাপোৰত সপোন ৰচিব পাৰে।তেনে এক সপোন পূৰ কৰিলে পশ্চিম যোৰহাটৰ চাৰিঙীয়া গাঁৱৰ জ্যোতি বৰা দত্তই।প্ৰায় এবছৰীয়া প্ৰচেষ্টাত মহিলা গৰাকীয়ে তাঁতশালত বৈ উলিয়ালে ৮ মিটাৰ দৈৰ্ঘ্যৰ আৰু ১ মিটাৰ প্ৰস্থৰ গুণমালা।আখৰৰ লগতে শংকৰদেৱ,মাধৱদেৱ আৰু শিষ্যসকল বহি থকাৰ চিত্ৰও অংকণ কৰিছে।স্বামী প্ৰভাত দত্তৰ প্ৰেৰণাত প্ৰথমবাৰলৈ এই কাম কৰিবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিয়ে জ্যোতি দত্ত বৰাই।ঘৰুৱা কাম কাজৰ লগতে চিলাই কৰি ভালপোৱা মহিলা গৰাকীয়ে ক্ৰমান্বয়ে সোণালী সূতাত গুৰু দুজনাৰ সৃষ্টিৰাজি তুলি ধৰাৰ পৰিকল্পনা কৰিছে।মহাপুৰুষ শংকৰদেৱৰ তত্ত্বাৱধানত তৈয়াৰ কৰা বৃন্দাবনী বস্ত্ৰ আজি সমগ্ৰ বিশ্বতে পৰিচিত।ঠিক সেইদৰে জ্যোতি দত্ত বৰাৰ দৰে অসমীয়া মহিলাৰ এনে মহান প্ৰচেষ্টা সৰ্বত্ৰে চৰ্চিত হওক।খবৰ যুগুতালে গীতাঞ্জলি গগৈয়ে..

গণতন্ত্ৰ দিৱসৰ কিছু ইতিবাচক চিন্তাৰে
আজি গণতন্ত্ৰ দিৱস। সমগ্ৰ দেশে এই দিৱস উৎসৱৰ দৰে উদযাপন কৰে।কিয়নো আজি দিনটোতে দেশৰ সংবিধান গৃহীত হৈছিল।এই গণতন্ত্ৰ দিৱস দেশৰ ঐতিহ্য , অহিংস,স্বতন্ত্ৰতাৰ স্বাক্ষৰ বহন কৰে।এক কথাত ক’বলৈ গ’লে ২৬ জানুৱাৰী দিনটো ৰাষ্ট্ৰৰ বাবে এক গৌৰৱৰ দিন।
দেশৰ সংবিধানত সন্নিবিষ্ট সকলো প্ৰসংগ চৰকাৰে মানিবলৈ বদ্ধ পৰিকৰ ।উদাহৰণ স্বৰূপ সমতা আৰু ভাতৃত্ববোধৰ নিৰ্দশন দাঙি ধৰি ভাৰতে ভুটানৰ লগতে অন্য ৬ খন দেশলৈ মহামাৰী ক’ৰণাৰ ভেকচিন যোগান ধৰিছে।
ইয়াৰ উপৰিও দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো ভাৰতীয় সেনাই যি সাহস , ধৈৰ্য শৌৰ্য প্ৰদৰ্শন কৰি দেশৰ মান অক্ষুন্ন ৰাখিছে সঁচাকৈয়ে শলাগিবলগীয়া।
শেহতীয়াকৈ হ’লেও স্বতন্ত্ৰ সেনানী অন্যতম নায়ক,ৰাজনীতিজ্ঞ সুভাষ চন্দ্ৰ বসুৰ জীৱন আদৰ্শ আৰু কাৰ্যপন্থাক চৰকাৰে মূল্যায়ন কৰিলে। সেই মূল্যায়ন আজিৰ পৰা ৭০ বছৰৰ আগতে কৰা হ’লে এই প্ৰজন্মই প্ৰকত যোদ্ধা গৰাকী উচিত সন্মান দিব পাৰিলেহেঁতেন।সেয়া যি নহওক দেশৰ বাবে এটা ভাল কাম হ’ল।সদৌ শেষত সকলোকে গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা।জয় হিন্দ।
সংগীতা শইকীয়া
সম্পাদক
ভিউৱাছৰ মতামত