১৮ বছৰ সম্পূৰ্ণ কৰা কামৰূপ জিলাৰ সকলো নাগৰিককে যোৱা ১ নৱেম্বৰৰ পৰা অহা ৩০ নৱেম্বৰলৈ চলিবলগীয়া বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়াৰ যোগেদি ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে সজাগ আৰু উৎসাহিত কৰাৰ অৰ্থে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ এই অনুসৰি জিলাখনৰ বিভিন্ন ঠাইত ভোটাৰ তালিকা সংশোধনী সম্পৰ্কীয় সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে৷ ইয়াৰে অংশ হিচাপে কামৰূপ নিৰ্বাচনী জিলাৰ অন্তৰ্গত পলাশবাৰীৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ত আজি সজাগতামূলক কাৰ্যসূচী এলানি অনুষ্ঠিত কৰা হয়৷ প্ৰথমে মহাবিদ্যালয় প্ৰাংগনত এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয়৷ সংশোধনী প্ৰক্ৰিয়াৰ ওপৰত যুগুতোৱা বাটৰ নাটখনি উপভোগ কৰি উপস্থিত ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু আন লোকসকল উপকৃত হয় আৰু সংশোধনী প্ৰক্ৰিয়া সম্পৰ্কত অৱগত হয়৷ ইয়াৰ পিছতে মহাবিদ্যালয়খনৰ সভাকক্ষত ছাত্ৰ-ছাত্ৰী, শিক্ষক, বি এল অ’, এইআৰঅ’সকলৰ উপস্থিতিত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়৷ অনুষ্ঠানৰ আৰম্ভণিতে পলাশবাৰীৰ চক্ৰ বিষয়া ধ্ৰৱজ্যোতি পাঠকে সকলোকে আনুষ্ঠানিকভাৱে আদৰণি জনায়৷ সভাত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিকৰণ আৰু সংশোধনী প্ৰক্ৰিয়া সম্পৰ্কত বাৰ্তালাপ কৰি কামৰূপ জিলাৰ জিলা উন্নয়ন আয়ুক্ত নৰসিং বেয়ে উপস্থিত লোকসকলৰ বিভিন্ন প্ৰশ্নৰ সমিধান দিয়ে৷ অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখন মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷ মহাবিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক মানস প্ৰতীম বৰুৱাই পৰিচালনা কৰা এই প্ৰতিযোগিতাত নিৰ্বাচন আয়োগ আৰু সংশোধনী প্ৰক্ৰিয়া সম্পৰ্কত প্ৰশ্ন উত্থাপন কৰা হয় আৰু বিজয়ীসকলক থিতাতে পুৰস্কাৰ প্ৰদান কৰা হয়৷ অনুষ্ঠানত বিশেষ সংক্ষিপ্ত সংশোধনী সম্পৰ্কীয় ভিডিঅ’ও প্ৰদৰ্শন কৰা হয়৷ কামৰূপৰ ভাৰপ্ৰাপ্ত নিৰ্বাচনী বিষয়া জলি দাস, পলাশবাৰীৰ সংলগ্ন চক্ৰ বিষয়া দিপা তালুকদাৰ, মহাবিদ্যালয়খনৰ অধ্যক্ষ ড॰ নৱজ্যোতি দাস, সহকাৰী অধ্যাপক শ্ৰৱণ কুমাৰ দিহিদাৰ উপস্থিত থকা আজিৰ অনুষ্ঠানৰ আঁত ধৰে জিলা তথ্য আৰু জনসংযোগ বিষয়া মঞ্জু ৰাণী ডেকাই। উল্লেখযোগ্য যে এই বিশেষ সংক্ষিপ্ত সংশোধনীৰ দাবী আৰু আপত্তিসমূহ অহা ২০ ডিচেম্বৰৰ ভিতৰত নিষ্পত্তি কৰি অহা ৫ জানুৱাৰী, ২০২২ত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব৷
Trending
- সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ
- সৰুসজাই ষ্টেডিয়ামত ১১হেজাৰ শিল্পীয়ে পৰিবেশন কৰিব বড়ো লোক নৃত্যানুষ্ঠান ‘বাগৰুম্বা দ’হৌ
- আই আই টি গুৱাহাটী আৰু বালিপাৰা ফাউণ্ডেচনৰ মাজত বুজাবুজি চুক্তি-পূৱ হিমালয়ৰ পৰিৱেশ সংৰক্ষণ, শক্তি আৰু জল সুৰক্ষাৰ বাবে নতুন উদ্ভাৱন নীতিত কাম কৰাৰ লক্ষ্য
- স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ (ম)জিলা প্ৰশাসনৰ সভা
- টপচেম চিমেণ্ট আৰু ভাৰতীয় ৰেডক্ৰচ ছছাইটিয়ে যৌথভাবে ৰক্তদান শিবিৰ আয়োজন
- এইচডিএফচি বেংকে এপিকে জালিয়াতিৰ বিৰুদ্ধে নাগৰিক সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সতৰ্কবাণী জাৰি কৰিছে
- ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈক সশ্ৰদ্ধ স্মৰণ কামৰূপ (ম) জিলা প্ৰশাসনৰ
- NSE CROSSES 230 MILLION INVESTOR ACCOUNTS, RETAIL PARTICIPATION SOARS
- উৰিয়ামঘাটৰ ৰেঙমা জলসিঞ্চন আঁচনি পৰ্যবেক্ষণ মন্ত্ৰী অশোক সিংহলৰ
- চি আৰ পি এফৰ মুখ্য কাৰ্যালয়ত মা কামাখ্যাৰ ফটো সযতনে ৰাখিছে সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে, গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ডঃ পাৰ্থ সাৰথি মহন্তৰ পৰা বুজ অসমৰ পৰিস্থিতি