ক’ভিড সৃষ্ট পৰিৱেশ পৰিস্থিতিৰ বাবে স্থগিত ৰখা দিছপুৰ প্ৰেছ ক্লাবৰ সম্বৰ্ধনা অনুষ্ঠান আজি সফলতাৰে সম্পন্ন হয়৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম ৰাজ্যিক পৰিবহণ নিগম আৰু অসম দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ পৰিচালন সঞ্চালক আইপিএছ বিষয়া আনন্দ প্ৰকাশ তিৱাৰী, জনসংযোগৰ যুটীয়া সঞ্চালক প্ৰমোদ কুমাৰ দত্ত, বিশিষ্ট সমাজকৰ্মী, লেখক শংকৰ দাস, বিশিষ্ট সাংবাদিক বৈকুণ্ঠ নাথ গোস্বামী, বিশিষ্ট সাংবাদিক অমল গুপ্ত আৰু বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী মঃ হাবিব চৌধুৰী ৷ দিছপুৰ প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত আয়োজন এই অনুষ্ঠানত অসমৰ সমাজ জীৱন আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনত বিশেষ অৰিহণা আগবঢ়োৱা ৰাজ্যৰ ৩১ গৰাকীকৈ বিশিষ্ট ব্যক্তিক প্ৰেছ ক্লাবৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ দিছপুৰ প্ৰেছ ক্লাবে সম্বৰ্ধনা জনোৱা বিশিষ্ট ব্যক্তিসকল হ’ল ক্ৰমে – ডাঃ পুৰুজিৎ চৌধুৰী [অধ্যাপক, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়], দিনেশ কাকতি নাথ [সাহিত্যিক], চন্দা বিশ্বকৰ্মা [শিল্পী], চন্দন শইকীয়া [তথ্য আৰু জনসংযোগ বিভাগ], জিতু তালুকদাৰ [সমাজসেৱক, ৰাজনীতিক], শংকৰ গোহাঞি [সম্পাদক, দৈনন্দিন বাৰ্তা], চন্দ্ৰকুমাৰ শইকীয়া [সম্পাদক, মহাবাহু বাৰ্তা], এছ লাল সিং [ফটো সাংবাদিক, অসমীয়া খবৰ], মুন গোস্বামী [সাংবাদিক, ডি ৱাই ৩৬৫], অৱণী বেজবৰুৱা [ভিডিঅ’ সাংবাদিক, প্ৰতিদিনি টাইমচ্], কমলেশ বৰ্মন [সাংবাদিক, আচাম টকচ্], মনোজ কুমাৰ ডেকা [সাংবাদিক, অসমীয়া প্ৰতিদিন], সত্যজিৎ শইকীয়া [সাংবাদিক, অসম আদিত্য], এছ এন মহাৰাজ [সাংবাদিক, পূৰ্বাঞ্চল প্ৰহৰী], গুণজিৎ ভট্টাচাৰ্য [সাংবাদিক, নিয়মীয়া বাৰ্তা], ৰুবুল গগৈ [সাংবাদিক, প্ৰাগনিউজ], দিগন্ত দাস [সাংবাদিক, দৈনিক অসম], বিকাশ শৰ্মা [সাংবাদিক নিউজ লাইভ], সংগীতা শইকীয়া [সাংবাদিক, এন ই ফকাচ], সাম্য ভৰদ্বাজ [সাংবাদিক, আমাৰ অসম], দেৱজিৎ সৰকাৰ [সম্পাদক, আমাৰ প্ৰণাম], ভূৱন শইকীয়া [সাংবাদিক, ভাল খবৰ], আচিফ ইব্ৰাহিম [সাংবাদিক, নৰ্থ ইষ্ট নাও], প্ৰবোধ ভট্ট [ৰিয়ান], বিশিষ্ট সমাজৱেসক, পিংকু চৌধুৰী [বিশিষ্ট সমাজসেৱক], উৎপল শইকীয়া [বিশিষ্ট সমাজসেৱক], জয়ন্ত খাউণ্ড [বিশিষ্ট সমাজসেৱক], ডাঃ কুকিল বৰুৱা [বিশিষ্ট সমাজসেৱক] ,ফটিক দত্ত গোস্বামী [অৱসৰপ্ৰাপ্ত অতিৰিক্ত আৰক্ষী সঞ্চালক], মিফতা উদ্দিন আহমেদ [বিশিষ্ট সমাজসেৱক] আৰু গীতাৰ্থ গোস্বামী [বিশিষ্ট সমাজসেৱক] ৷

পবিত্ৰ ৰাম নৱমীৰ শুভেচ্ছা জ্ঞাপন কৰিলে ৰাষ্ট্ৰপতিয়ে
আজি ৰাম নৱমী।এই ৰাম নৱমী হিন্দু ধর্মৰ এক পবিত্ৰ উৎসৱ।এই উৎসৱ ভগৱান ৰামৰ জন্মৰ লগত জৰিত।ৰাম নৱমী উপলক্ষে বিভিন্ন ঠাইত পূজা অৰ্চনা কৰা হৈছে।এই ৰাম নৱমী শুক্লপক্ষৰ নৱমী তিথিত পালন কৰা হয়।
ৰাম নৱমী উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জনায় কয় যে ভগৱান ৰামৰ আৰ্শীবাদ দেশবাসীৰ প্ৰতি সদায় বৰ্তি থাকক।আনহাতে এই সম্পৰ্কত ৰাষ্ট্ৰপতি ৰামনাথ কবীন্দ্ৰে এনেদৰে কয় ৰামৰ ধৰ্মই আমাক সদায় অনুপ্ৰাণিত কৰি আহিছে।ন্যায় আৰু মানৱীয় গুণৰ বাবে ৰামৰ আদৰ্শই যুগ যুগ ধৰি সকলোকে অনুপ্ৰেৰণা যোগাব।
ভিউৱাছৰ মতামত