শাৰদীয় শ্ৰীশ্ৰীদুৰ্গাপূজাৰ গইনা লৈ কোনো দুচকীয়া – চাৰিচকীয়া বাহনৰ উদণ্ড চালকে গুৱাহাটী মহানগৰীৰ ৰাজপথত অনিয়ন্ত্ৰিত বা দ্ৰুতগতিত বাহন চলাই সন্ত্ৰাসৰ সৃষ্টি কৰিব নোৱাৰে তাৰবাবে বিশেষ সজাগতা অভিযান আৰম্ভ কৰিছে পৰিবহণ বিভাগৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) কার্যালয়ে। ইতিমধ্যে জিলা পৰিবহণ বিষয়াৰ দায়িত্বত থকা নবনিযুক্ত সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে সদৰি কৰা অনুসৰি প্ৰতি বছৰে দুৰ্গাপূজা, ৰঙালী বিহু, ইংৰাজী নৱবৰ্ষক আদৰাৰ নামত একাংশ চালকে অধিক বা অনিয়ন্ত্ৰিত গতিবেগত ৰাজপথত বাহন চলাই দুৰ্ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে এইবেলি আগতীয়াকৈ সতৰ্কতা অৱলম্বন কৰা হৈছে। আনকি দুদিন পূৰ্বে ছয়মাইল উৰণীয়া সেতুৰ তলত এটা দুৰ্গা পূজাক প্ৰতিকী হিচাপে লৈ বাহন চালকৰ মাজত সজাগতা সৃষ্টিৰ বাবে এক অভিযান আৰম্ভ কৰা হৈছে। এই অভিযানৰ লগত সংগতি ৰাখি এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয়। বাটৰ নাটত দূৰ্গাক পৰিবহণ বিভাগৰ ৰূপত আৰু মহিষাসুৰক মদাহী চালকৰ ৰূপত উপস্থাপন কৰা হৈছে। আনহাতে নাটকৰ জৰিয়তে অধিক বা অনিয়ন্ত্ৰিত গতিবেগত বাহন চলালে তাৰ পৰিনাম কিমান ভয়ংকৰ হ’ব পাৰে তাক দেখুওৱা হৈছে। বিশেষকৈ মদাহী চালকৰূপী মহিষাসুৰক দুৰ্গাৰূপী পৰিবহণ বিভাগে বাটত ধৰি কেনে ধৰণৰ শাস্তি বিহিলে তাকো দেখুওৱা হৈছে। সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে সদৰি কৰা অনুসৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্যলৈ পৰিণত কৰাৰ যি আহ্বান জনাইছে তাক সাৰ্থক ৰূপ দিবলৈ চেষ্টা কৰা হৈছে। তেনেদৰে যদি কোনো চালকে ৰাজপথত অধিক মাত্ৰাত সুৰাপান কৰি বাহন চলায় বা কোনো চালকে দুৰ্গাপূজা বা উৎসৱৰ নামত অনিয়ন্ত্ৰিত গতিবেগত বাহন চলায় দুৰ্ঘটনা সংঘটিত কৰিলে তেওঁলোকৰ বিৰুদ্ধে অপৰাধযুক্ত গোচৰ ৰজু কৰা হব। প্ৰথম পৰ্যায়ত তেনে চালকৰ বাহন চালনাৰ অনুজ্ঞাপত্ৰ নিলম্বন কৰা আৰু অপৰাধ গুৰুতৰ হলে অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব। পূজাৰ নামত পথ সুৰক্ষাৰ দিশত কোনো ধৰণৰ আপোচ কৰা নহব। পুজালৈ আহিলেও দুচকীয়া বাহনৰ চালকে হেলমেট পৰিধান কৰিব লাগিব। তেনেদৰে চাৰিচকীয়া বাহনৰ চালক আৰু সন্মুখত বহি যোৱা আৰোহীয়ে চিটবেল্ট ব্যৱহাৰ কৰিব লাগিব। যদি কোনোবাই আইন ভংগ কৰে তেন্তে জৰিমনা ভৰাৰ লগতে তেওঁলোকৰ বাহন চালনাৰ অনুজ্ঞাপত্ৰ নিলম্বন কৰা হ’ব। আনহাতে পূজাৰ কেইদিনত পৰিবহণ বিভাগে চৰকাৰে বান্ধি দিয়া ক’ভিড এছ অ পি, বিধিৰ লগতে যান বাহন আইন মানি চলিহে পূজা উপভোগ কৰিবলৈ পৰিবহণ বিভাগে সকলোকে আহ্বান জনাইছে। ইতিমধ্যে মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশ অনুসৰি ৰাজ্যৰ আন জিলাৰ লগতে গুৱাহাটী মহানগৰীতো আৰক্ষী-জিলা প্ৰশাসনৰ সহযোগত আইন ভংগকাৰী চালকৰ বিৰুদ্ধে বিশেষ অভিযান চলোৱা হ’ব বুলি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে জানিবলৈ দিছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পৰিবহণ বিভাগক “পথ সুৰক্ষা, জীৱন ৰক্ষা নীতিৰ যথাযথ ৰূপায়নৰে অসমক দুৰ্ঘটনামুক্ত ৰাজ্যলৈ পৰিণত কৰাৰ বাবে হাতে কামে নামি পৰিবলৈ নিৰ্দেশ দিছে ।
Trending
- On 79th Independence Day, NSE Chief Ashishkumar Chauhan Wishes the Nation Progress and Prosperity
- এন ই ফ’কাচ ডট কমৰ নৱম বৰ্ষপুৰ্তিৰ উদযাপন
- সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ
- সৰুসজাই ষ্টেডিয়ামত ১১হেজাৰ শিল্পীয়ে পৰিবেশন কৰিব বড়ো লোক নৃত্যানুষ্ঠান ‘বাগৰুম্বা দ’হৌ
- আই আই টি গুৱাহাটী আৰু বালিপাৰা ফাউণ্ডেচনৰ মাজত বুজাবুজি চুক্তি-পূৱ হিমালয়ৰ পৰিৱেশ সংৰক্ষণ, শক্তি আৰু জল সুৰক্ষাৰ বাবে নতুন উদ্ভাৱন নীতিত কাম কৰাৰ লক্ষ্য
- স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ (ম)জিলা প্ৰশাসনৰ সভা
- টপচেম চিমেণ্ট আৰু ভাৰতীয় ৰেডক্ৰচ ছছাইটিয়ে যৌথভাবে ৰক্তদান শিবিৰ আয়োজন
- এইচডিএফচি বেংকে এপিকে জালিয়াতিৰ বিৰুদ্ধে নাগৰিক সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সতৰ্কবাণী জাৰি কৰিছে
- ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈক সশ্ৰদ্ধ স্মৰণ কামৰূপ (ম) জিলা প্ৰশাসনৰ
- NSE CROSSES 230 MILLION INVESTOR ACCOUNTS, RETAIL PARTICIPATION SOARS