ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ এন ডি আৰ এফৰ গুৱাহাটীৰ আজাৰা পাটগাঁওস্থিত প্ৰথম বেটেলিয়ানৰ মুখ্য কাৰ্যালয় চৌহদত ৩০ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে দুৰ্যোগ ব্যৱস্থাপনা বিষয়ক প্ৰশিক্ষণ শিবিৰ।প্ৰথমখন ডি আৰ এফ বেটেলিয়ানৰ কমাণ্ডেণ্ট ৰণধীৰ সিং গীলৰ তত্বাৱধানত অনুষ্ঠিত শিবিৰত বানপানী,ভূমিস্খলন,ভূমিকম্প,দুৰ্ঘটনা,ধুমুহাকে ধৰি যিকোনো প্ৰাকৃতিক আৰু মানৱসৃষ্ট দুৰ্যোগৰ পাছত আক্রান্ত লোকক উদ্ধাৰ কৰা,আহতক প্ৰাথমিক চিকিৎসা প্ৰদান,আহত লোকক নিৰাপদে সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা,উদ্ধাৰকাৰী বাহিনী সমূহক দুৰ্যোগ প্ৰৱন অঞ্চলত সহযোগিতা আগবঢ়োৱা আদিৰ প্ৰশিক্ষণ প্ৰদান কৰিছে।এই সন্দৰ্ভত প্ৰথম এন ডি আৰ এফৰ কমাণ্ডেণ্ট ৰণধীৰ সিং গীলে জানিবলৈ দিয়া মতে কেন্দ্রীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি যোৱা আগষ্ট মাহৰ পৰা এন কে ওৱাই এছৰ স্বেচ্ছাসেৱকক দুৰ্যোগ প্ৰশমন আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰশিক্ষণ প্ৰদান কৰি অহা হৈছে।এই পৰ্যন্ত ধুবুৰী জিলাৰ ৪৫০ জন স্বেচ্ছাসেৱকে প্ৰথম এন ডি আৰ এফএফ মুখ্য কাৰ্যালয় চৌহদত অনুষ্ঠিত ৯ টা শিবিৰত প্ৰশিক্ষণ গ্ৰহণ কৰিছে।এই প্ৰশিক্ষণৰ মূল লক্ষ্য হৈছে যিকোনো দুৰ্যোগৰ পাছত স্বেচ্ছাসেৱকসকলে নিজ নিজ অঞ্চলত যাতে তৎকালে দুৰ্যোগত আক্রান্ত লোকসকলক সহায়ৰ হাত আগবঢ়াব পাৰে।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডলী চৌধুৰী আৰু ভুবন চুতীয়াক ৰাষ্ট্ৰপতিৰ মাই ভাৰত এন এছ এছ ৰাষ্ট্ৰীয় বঁটা প্ৰদান
- NSE to build 380cr, 60-bed unit for Tata Memorial Centre at Navi Mumbai
- শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গ্ৰন্থ উন্মোচনী, কবিতা পাঠ আৰু সম্বৰ্ধনা অনুষ্ঠান
- মৰণোত্তৰ ভাৱে ভাৰত ৰত্ন প্ৰদানৰ দাবী – মুম্বাই সাহিত্য সভাৰ উদ্যোগত মানৱ দৰদী শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি
- যোৰহাটত শিল্পী জুবিন গাৰ্গৰ ১৩দিনীয়া মাংগলিক কাৰ্যসূচী সম্পন্ন
- বি আৰ অ’ৰ পূব মণ্ডল মুখ্য কাৰ্যালয়ৰ উদ্যোগত জালুকবাৰীত ‘স্বচ্ছতা’ অভিযান
- NSE registered investor base crosses 12 crore (120 million) unique investors (unique PANs)
- জুবিন গাৰ্গলৈ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ শ্ৰদ্ধাঞ্জলি
- ছত্তীশগঢ়ৰ ৰাজভৱনত উজানবজাৰৰ ভাওনা শিল্পী দলক সম্বৰ্ধনা -দৰবাৰ হলত জুবিন গাৰ্গৰ স্মৃতিত মৌন প্ৰাৰ্থনা
- জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ দিনা এজন অচিনাক্ত ব্যক্তিক সৎকাৰ কৰে পথিকে