দেশে গৌৰৱ কৰিব পৰা অসমীয়া যুৱতী।নাম প্ৰিয়ংকা দাস ৰাজকাকতী। পেচাগতভাৱে প্ৰিয়ংকা ফ্ৰান্সৰ অন্তৰীক্ষ অভিযন্তা। ইকোল পলিটেকনিক আৰু আই এছ এ ই চুপেৰ’ৰ পৰা দুটাকৈ ইঞ্জিনীয়াৰিং স্নাতক ডিগ্ৰীধাৰী গুৱাহাটীৰ প্ৰিয়ংকা দাসে বৰ্তমান চাফৰান আৰু আই এছ এ ই চুপেৰ’ত জি এন এছ এছ টেকন’লজিৰ চি আই এফ আৰ ই পি এইড ডি কৰি আছে।মহাকাশক লৈ যথেষ্ট উৎসাহী প্ৰিয়ংকাই প্ৰথমে চন্দ্র আৰু মংগলগ্ৰহ নিৱাসী মানৱ ঠিকনা নিৰ্মাণ কৰাত সহায় কৰাৰ লগতে তালৈ যাব বিচাৰে।উল্লেখ্য যে চন্দ্র পৃষ্ঠৰ আই এল ই ডব্লিউ জি ইউৰমুনমাৰ্চ’ৰ এগৰাকী শিল্পী হিচাপে অংশীদাৰী হোৱা প্ৰিয়ংকা দাসে এতিয়া ই এম এম আই এইচ এছ থ্ৰী’ৰ বাবে এনালগ এষ্ট্ৰ’নট হিচাপে ভাগ লৈছে।এই মিচনৰ সময়চোৱাত তেওঁ ৰবটিক্স,নেভিগেচন আৰু মেপিঙৰ চাল চলন পৰীক্ষা কৰিব।ঠিক সেইদৰে মিচেলা মুছিল’ভাৰ দৰে কমাণ্ডাৰ প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ আয়োজিত কৰিব।তাৰোপৰি তেওঁ নিজৰ ব্ৰেইনৱেভ মিজাৰিং ডিভাইচ পৰীক্ষা কৰাৰ লগতে বিমান চালকৰ দলৰ ওপৰত মনোবিজ্ঞান প্ৰয়োগ কৰিব।আনহাতে সক্রিয়ভাৱে তেওঁ এছ টি ই এম আউটৰীচ ল’ৰিয়েল ইউনেচক’ ফৰ গাৰ্লচ ইন চাইন্স অনুষ্ঠানৰ লগত জড়িত আছে।তাৰোপৰি এছ জি এ চি আৱাৰ জায়েণ্ট লীপ ইনিচিয়েটিভ’ৰ সংগঠক হোৱাৰ লগতে হোমৱাৰ্ড বাউণ্ড এণ্টাৰ্কটিকা মিচনৰ অংশ হিচাপেও জড়িত হৈ আছে।প্ৰিয়ংকা দাস ৰাজকাকতীৰ আশা এনালগ এষ্ট্ৰ’নট হিচাপে অভিজ্ঞতাই বিজ্ঞানক আদৰিব খোজা যুৱতী মহিলা সকলক প্ৰেৰণা দি এখোজ আগুৱাই নিয়াত সহায়ক হ’ব।বিজ্ঞান ভাল পোৱা প্ৰিয়ংকাৰ মতে এই বিজ্ঞানৰ জৰিয়তে তেওঁ পৃথিৱী ভ্ৰমণ কৰি নতুন সংস্কৃতিৰ অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হৈছে।স্মতৰ্ব্য যে প্ৰিয়ংকাৰ পৰৱৰ্তী আস্থান হাৱাই আৰু এণ্টাৰকটিকা।

মিছেছ লিডাৰশ্বীপ খিতাপ অৰ্জন পলাশবাৰী সৰপাৰাৰ অনামিকা ডেকাৰ
দক্ষিণ কামৰূপৰ পলাশবাৰী সৰপাৰাৰ এগৰাকী বিউটিচিয়ান তথা মেকাপ আৰ্টিছ অনামিকা ডেকাই জগত জিনাৰ সপোন ৰচিছে। মিৰ্জাৰ সমীপৱৰ্তী সৰপাৰা চন্দ্ৰধৰ ডেকা আৰু সৰলা ডেকাৰ জীয়ৰী অনামিকা ডেকাই মহানগৰীৰ জিলা পুথিভড়াঁলত যোৱা ২৩ জানুৱীত ‘ইণ্টাৰনেচনেল গ্লোবেল ষ্টাৰ আইকন’ৰ উদ্যোগত মিচেছ, মিষ্টাৰ আৰু শিশুৰ বাবে অনুষ্ঠিত এখন ব্যয় বহুল প্ৰতিযোগিতাত সৰপাৰাৰ অনামিকাই ডেকাই মেকআপ আৰ্টিছৰ গ্ৰুপৰ ভিতৰত ইণ্টাৰনেচনেল লিডাৰশ্বীপ এৱাৰ্ড চুড়ান্ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। উক্ত প্ৰতিযোগিতাত প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল। ডেকাৰ এনে সাফল্যত উৎফুলিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজৰ লগতে পলাশবাৰীবাসী ৰাইজে। উল্লেখ্য যে, অনামিকা ডেকাই ইয়াৰ পূৰ্বে ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰত অনুষ্ঠিত এনেধৰণৰ প্ৰতিযোগিতাত বহুবাৰ সন্মান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। মিৰ্জাত যুৱতীগৰাকীয়ে এখন লেডিছ বিউটি পাৰ্লাৰ যোগেদি নিজৰ অৰ্থ উপাৰ্জন কৰাৰ উপৰিও বহুকেইখন চিনেমা আৰু ভিডিঅ’ গীতত মেকআপৰে অভিনেতা-অভিনেত্ৰীসকলৰ সৌন্দৰ্য বৰ্ধন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।অনামিকা ডেকাৰ এনে সাফল্যত দক্ষিণ কামৰূপৰ বিভিন্ন দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰি উজ্বল ভৱিষ্যত কামনা কৰিছে।
ভিউৱাছৰ মতামত