প্ৰতি বছৰৰ দৰে এইবাৰো গণৰাজ্য দিৱসত ২০১৯ বৰ্ষৰ ৰাষ্ট্ৰীয় সাহসিকতা বঁটা প্ৰদান কৰিব।এই বঁটাৰ বাবে কেন্দ্রীয় শিশু কল্যাণ পৰিষদে অসমৰ সাহসী কিশোৰ কমলকৃষ্ণ দাসৰ নাম ঘোষণা কৰিছে।উল্লেখ্য যে ২০১৮ চনত গুৱাহাটীত কোবাল ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হোৱা ফেৰী দুৰ্ঘটনাত নিজৰ মাতৃ,পেহীয়েক আৰু এগৰাকী মহিলাক সাঁতুৰি প্ৰাণ ৰক্ষা কৰি ১১ বছৰীয়া কমলকৃষ্ণই নিজৰ সাহসিকতাৰ পৰিচয় দাঙি ধৰিছিল।তথ্য অনুসৰি কমলকৃষ্ণৰ ঘৰ উত্তৰ গুৱাহাটীত।কিশোৰ গৰাকীৰ পিতৃ ধনঞ্জয় দাস পানবজাৰৰ এখন চিকিৎসালয়ত কৰ্মৰত আৰু মাতৃ জিতুমণি দাস এগৰাকী গৃহিনী।গুৱাহাটীৰ ছেইণ্ট এন্থনীজ স্কুলৰ ছাত্ৰ কমলকৃষ্ণই সাতোঁৰ প্ৰশিক্ষণো গ্রহণ কৰি আছে।উল্লেখযোগ্য যে ১৯৫৭ চনৰ পৰা প্ৰদান কৰি অহা ৰাষ্ট্ৰীয় সাহসিকতা বঁটা এইবাৰ ১২ খন ৰাজ্যৰ মুঠ ১২ জন ল’ৰা আৰু ১০ জনী ছোৱালীক প্ৰদান কৰা হ’ব।আৰু ইয়াৰে এটি শিশুক মৰণোত্তৰভাৱে এই বঁটা আগবঢ়োৱা হৈছে।খবৰ যুগুতালে গীতাঞ্জলি গগৈয়ে..
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ