যুৱ শক্তি মহাশক্তি।যুৱশক্তিয়ে পৃথিৱী জিনিব পাৰে।আমি সকলোৱে হাতত হাত ধৰি আগুৱাই যাব লাগিব।এই মন্তব্য মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ।খেল’ ইণ্ডিয়া অনুষ্ঠানৰ সামৰণি অনুষ্ঠানত এই মন্তব্য কৰি কয় যে খেলো ইণ্ডিয়াৰ জৰিয়তে অলিম্পিকলৈ বহু খেলুৱৈ যাবলৈ সক্ষম হ’ব।খেল’ ইণ্ডিয়া অনুষ্ঠান সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।আনহাতে খেল’ ইণ্ডিয়া সামৰণি অনুষ্ঠানত উপস্থিত থাকি বিত্ত মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে ডিব্ৰুগড়ৰ চাবুৱাত ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপনৰ কাম প্ৰায় সমাপন হোৱাৰ পথত।সৰুসজাঁইৰ আৰ্হিত ডিব্ৰুগড় আৰু লক্ষিমপুৰতো দুটা ক্ৰীড়া প্ৰকল্প নিৰ্মাণ কৰা হ’ব।উল্লেখযোগ্য যে খেল’ ইণ্ডিয়া য়ুথ গেমচত মুম্বাই,হাৰিয়ানা,দিল্লী স্থান লাভ কৰে।২১ বিধ খেলত প্ৰায় ৬১০০ খেলুৱৈ, প্ৰতিনিধিয়ে অংশগ্রহণ কৰিছিল।আজি সামৰণি অনুষ্ঠানত চীনৰ সমৰকলা প্ৰদৰ্শিত হয়।লগতে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয়।সামৰণি অনুষ্ঠানত স্পৰ্টচ অথৰিটী অফ ইণ্ডিয়াৰ বিভিন্ন বিষয় ববীয়াৰ লগতে ৰামেশ্বৰ তেলী উপস্থিত থাকে।
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন