ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,কেন্দ্রীয় পথ পৰিবহন মন্ত্রী নিতীন গাডকাৰীয়ে দেশত পথ দুৰ্ঘটনাত উদ্বেগ প্ৰকাশ কৰি উদ্ধতম দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰি মানৱ সম্পদ কেনেকৈ ৰক্ষা কৰিব পাৰি তাৰ বাবে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চল সমূহৰ সংশ্লিষ্ট বিভাগ সমূহক আহ্বান জনাইছে।সমান্তৰালভাৱে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পৰিবহন মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়েও ৰাজ্যত বৰ্ধিত পথ দুৰ্ঘটনাত উদ্বেগ প্ৰকাশ কৰি পৰিবহন বিভাগক দুৰ্ঘটনা ৰোধ আৰু ৰাইজক এই দিশত সজাগ কৰাৰ বাবে হাতে কামে নামি পৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।সেই নিৰ্দেশৰ ভিত্তিত প্ৰথমবাৰৰ বাবে গুৱাহাটী সংসদীয় সমষ্টিত লোকসভা সমষ্টি ভিত্তিত ১৮ জানুৱাৰীৰ পৰা পথ সুৰক্ষা কাৰ্যসূচী আৰম্ভ কৰা হৈছে।১৮ জানুৱাৰীত গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী আমিনগাঁওস্থিত কামৰূপ জিলাৰ উপাধ্যক্ষৰ কাৰ্যালয়ৰ সভাগৃহত আয়োজিত এক গাম্ভীর্যপূৰ্ণ অনুষ্ঠানত সাংসদ কুইন ওজাই সংসদীয় সমষ্টি ভিত্তিত পথ সুৰক্ষা সজাগতা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।এই উপলক্ষে অনুষ্ঠিত সভাখনত ৰাইজৰ মাজত পথ সুৰক্ষাৰ দিশত সজাগতা সৃষ্টিৰ লগতে সমান্তৰালভাৱে বিলুপ্তপ্ৰায় হাড়গিলা সংৰক্ষণৰ বাবে হাড়গিলা চৰাইক প্ৰতীক চিহ্ন ৰূপে গ্রহণ কৰা হয়।হাড়গিলা চৰাইৰ প্ৰতীক চিহ্ন মুকলি কৰে সাংসদ কুইন ওজাই।আনহাতে কামৰূপ জিলাৰ উপায়ুক্ত তথা গুৱাহাটী সংসদীয় পথ সুৰক্ষা সমিতিৰ সদস্য সচিব কমল কুমাৰ বৈশ্যৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা সভাখনত কুইন ওজাই বৰ্ধিত পথ দুৰ্ঘটনা আৰু দুৰ্ঘটনাত যুৱ প্ৰজন্ম নিহত আহত হোৱা বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ কৰি পথ সুৰক্ষাৰ দিশত দীৰ্ঘদিন ধৰি কাম কৰি অহা বাবে জিলা পৰিষদৰ বিষয়া গৌতম দাসক শলাগ লয়।জিলা পৰিবহন বিষয়া গৌতম দাসে আঁত ধৰা সভাখনত অতিৰিক্ত উপায়ুক্ত সত্যজ্যোতি বৰুৱা,ৰঙিয়াৰ মহকুমাধিপতি মনিন্দ্র বৰদলৈ,কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক পাৰ্থসাৰথি মহন্ত,বিদ্যালয় সমূহৰ পৰিদৰ্শক প্ৰসন্ন বৰা,জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়া,চিলাৰ আঞ্চলিক বন বিষয়া ৰঞ্জিত দত্ত,হাড়গিলা সংৰক্ষণৰ বাবে গ্রীণ অস্কাৰ বঁটা বিজয়ী ড০ পূৰ্ণিমা দেৱী বৰ্মন,অভিযন্তা কল্যাণ বৰদলৈকে ধৰি গড়কাপ্তানী বিভাগৰ অভিযন্তা আৰু স্বাস্থ্য বিভাগৰ কেবাগৰাকী বিষয়া উপস্থিত থাকে।
Trending
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী