কেন্দ্রীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে প্ৰৱৰ্তন কৰা প্ৰথম আন্তৰাষ্ট্ৰীয় যোগ দিৱসত মিডিয়া সন্মান লাভ কৰিলে দৈনিক অগ্ৰদূত কাকতে।কালি নতুন দিল্লীৰ নেচনেল মিডিয়া চেণ্টাৰত আয়োজিত এক অনুষ্ঠানত কেন্দ্রীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰ আৰু শ্ৰী পদ য়েশো নাইকে দৈনিক অগ্ৰদূত কাকতৰ সম্পাদক প্ৰাঞ্জল সেন ডেকাক এই বঁটা প্ৰদান কৰে।যোগৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্রত দৈনিক অগ্ৰদূত কাকতে আগবঢ়োৱা গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে মন্ত্রী জাভেদকাৰে সম্পাদক গৰাকীক অভিনন্দন জনায়। উল্লেখযোগ্য যে আন্তৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা এই প্ৰতিযোগিতা খনৰ বিজয়ী সকলক নিৰ্বাচিত কৰাৰ বাবে ভাৰতীয় প্ৰেছ কাউঞ্চিলৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ চি কে প্ৰসাদৰ নেতৃত্বত ছজনীয়া কমিটী গঠন কৰিছিল।এই কমিটীয়ে সমগ্র দেশৰ ১১ খন দৈনিক কাকতক সন্মান প্ৰদানৰ বাবে নিৰ্বাচিত কৰে।এই সম্পৰ্কত মন্ত্রী জাভেদকাৰে কয় যে সমাজৰ হিতৰ বাবে যোগৰ প্ৰসাৰত আগবঢ়োৱা সংবাদ প্ৰতিষ্ঠান সমূহলৈ এয়া এক গুৰুত্বপূর্ণ সন্মান।স্মৰ্তব্য যে দৈনিক অগ্ৰদূতৰ লগতে মুম্বাইৰ মিড ডে,বাংগালোৰৰ উদয়বাণী,গোৱাৰ ডেইলি নৱপ্ৰভা,ভুৱনেশ্বৰৰ উৰিষ্যা এক্সপ্রেছ,অন্ধ্রপ্ৰদেশৰ বাৰ্তা পত্ৰিকা,নইদাৰ ৰোজনামা ৰাষ্ট্ৰীয় সাহাৰা,ইণ্ডোৰৰ নয়ী দুনিয়া,ৰাঁচীৰ প্ৰভাত খবৰ আৰু দেশপ্ৰাণ,জম্মুৰ ডেইলি নৱাই দোপৰে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

বিশিষ্ট সাহিত্যিক, পদ্মশ্ৰী ডঃ কামেশ্বৰ ব্ৰহ্মক গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা প্ৰদান বি টি চিৰ মুৰব্বী প্ৰমোদ বড়োৰ
গুৰুদেৱ কালিচৰণ ব্ৰহ্ম কেৱল এজন ধৰ্ম প্ৰচাৰকে নাছিল । তেওঁ আছিল এজন প্ৰকৃত সমাজ সংস্কাৰক । ১০০ বছৰৰো অধিক পূৰ্বেই তেওঁ বড়ো – অবড়োকে ধৰি সকলো জাতি – জনগোষ্ঠীৰ ৰাইজ যাতে মিলিজুলি বসবাস কৰি এখন শক্তিশালী সমাজ গঢ়ি তোলে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল । গতিকে আজিৰ উঠি অহা যুৱ প্ৰজন্মই গুৰুদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত হয় তাৰ বাবে যুৱ প্ৰজন্মক আহ্বান জনাইছো । এই মন্তব্য বি টি চি ৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ । আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত সভাগৃহত গুৰুদেৱ কলিচৰণ ব্ৰহ্ম ট্ৰাষ্টৰ ( জি কে বি টি ) উদ্যোগত আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ ( আবছু ) গুৱাহাটী বিশ্ববিদ্যালয় শাখাৰ সহযোগত গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ ১৬২ সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি বিশিষ্ট সাহিত্যিক, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি , পদ্মশ্ৰী ডঃ কামেশ্বৰ ব্ৰহ্মক গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা প্ৰদান কৰি এই মন্তব্য কৰে বি টি চি ৰ মুৰব্বী প্ৰমোদ বড়োৱে । অনুষ্ঠানটোত প্ৰমোদ বড়োৱে কয় গুৰুদেৱৰ সমাজৰ প্ৰতি আগবঢ়োৱা অৱদানৰ প্ৰতি লক্ষ্য ৰাখি এই বছৰৰ পৰা তেওঁৰ ১৮ এপ্ৰিলৰ জন্মদিনটোত বি টি চি এলেকাত চৰকাৰীভাবে সীমিত বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে । অহা বছৰৰ পৰা তেওঁৰ জন্মদিনৰ কাৰ্যসূচী বি টি চি ত চৰকাৰীভাবে পালন কৰা হব বুলি প্ৰমোদ বড়োৱে ব্যক্ত কৰে । আনহাতে বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত উপস্থিত সকলোকে আদৰণি জনায় জি কে বি টি ৰ সম্পাদক ডঃ অজিত বড়োৱে আৰু পৌৰাহিত্য কৰে সভাপতি ৰাখেশ্বৰ ব্ৰহ্মই । অনুষ্ঠানত এছ বি ডি এছ ৰ উপদেষ্টা নিৰঞ্জন ব্ৰহ্ম , সভাপতি বিদ্যাশ্ৰী ব্ৰহ্ম , উপ সভাপতি খাউডাম বসুমতাৰী , আবছুৰ সভাপতি জলেশ্বৰ ব্ৰহ্ম ,প্ৰাক্তন সচিব প্ৰধান লাৱাৰেন্স ইছলাৰী , গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ সভাপতি মিনিশ্বাৰাং ব্ৰহ্ম , সাহিত্য অকাডেমিৰ বড়ো উপদেষ্টা পৰিষদৰ আহ্বায়ক ডঃ অনিল বড়ো , বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োকে ধৰি বড়ো সমাজৰ ভালে কেইজন বিশিষ্ট লোক উপস্থিত থাকে । আনহাতে বঁটাপ্ৰাপক ডঃ কামেশ্বৰ ব্ৰহ্ম শাৰীৰিক অসুস্থততাৰ বাবে উপস্থিত থাকিব নোৱৰাত বঁটা গ্ৰহণ কৰে জি কে বি টি ৰ সহকাৰী সম্পাদক পিয়াৰী মোহন ব্ৰহ্মই । এই বঁটাত আছে ৫০ হাজাৰ টকাৰ চেক , এখন অংগবস্ত্ৰ , প্ৰশস্তি পত্ৰ আৰু এটা স্মাৰক । ইয়াৰ উপৰিও শিশু সাহিত্যৰ বাবে এইবেলি ” Gothosa Bisombi ” গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰা বাবে ডঃ অজিত বড়োক অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় । উল্লেখযোগ্য যে বিগত বৰ্ষত বিদ্যাসাগৰ নাৰ্জাৰীক গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা প্ৰদান কৰা হৈছিল ।
ভিউৱাছৰ মতামত